নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ জনতাৰ শিল্পী বঁটা

🔹 অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি ৷ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিটিআৰ জোনাল সমিতিৰ সহযোগত ডিমাকুছিৰ জৌহৌলাও নিলেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক প্ৰেক্ষাগৃহৰ প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসটি পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰে। উক্ত অনুষ্ঠানতে অসমৰ জনপ্ৰিয় গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ জনতাৰ শিল্পী বঁটা প্ৰদান কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই । যিগৰাকী গণশিল্পীয়ে প্ৰতিদিনে দেশৰ হকে দেশৰ মাটিৰ হকে গীত পৰিৱেশন কৰি আহিছে তেওঁক জনতাৰ শিল্পী বুলি সকলোৱে কৈ আহিছে যদিও কিন্তু বৰ্তমানলৈকে জনতাৰ শিল্পী বঁটা প্ৰদান কৰা হোৱা নাছিল, সেয়েহে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ফুলাম গামোচা, জাপি, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে জনতাৰ শিল্পী বঁটা প্ৰদান কৰে । মুকলি সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাস, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অৰ্ণৱ বৈৰাগী, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুশীল সূত্ৰধৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাতে অনুসূচিত জাতি ছাত্ৰ সন্থাই বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী সন্মান প্ৰদান কৰাৰ মুহূৰ্তত উপস্থিত থাকি কয় যে তেওঁক সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰদান কৰা বঁটা গ্ৰহণ কৰি বহুতো আনন্দিত হৈছে। লগতে প্ৰয়াত ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত ৰাজ্যৰ বৃহৎ ক্ষতি, এই ক্ষতি কেতিয়াও পূৰ্ণ নহ’ব, যিসকলে ৰাজীৱ শদিয়াক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁলোকক বিতৰ্ক নকৰিবলৈ আহ্বান জনায় । অনুষ্ঠানৰ মাজতে প্ৰয়াত ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাই প্ৰতিষ্ঠা কৰা বৰংগাজুলি সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰ নিৰঞ্জন বড়োৰ সৈতে বাৰ্তালাপ কৰে গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ।

প্ৰেৰক পিংকু কলিতা

You might also like