📌 অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
📌 সংগীত শিল্পী মাধৱ ৰঞ্জন গগৈক “বিশিষ্ট যুৱ শিল্পী-২০২৫ বঁটা”
📌 সময় গগৈক “নিৰপেক্ষ সমাজ হিতৈষী-২০২৫ বঁটা” প্ৰদান
বিশেষ বাৰ্তা, ১০ জানুৱাৰী : সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু পূৱ গোবিন্দপুৰবাসীৰ সহযোগত তিনিচুকীয়াৰ পূৱ গোবিন্দপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰমেন চৌধুৰীয়ে আৰু স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক সন্দীপ প্ৰসাদ নেওগে৷ পৰৱৰ্তী সময়ত কণকণ ছাত্ৰছাত্ৰীসকলৰ মাজত বিভিন্ন খেলধেমালি তথা প্ৰতিযোগিতাৰ আয়োজন কৰে। খেলধেমালিৰ অন্তত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ সভাপতি ৰমেন চৌধুৰীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰে। মুকলি সভাৰ কায্যসূচীতে নিউজ লাইভৰ সাংবাদিক তথা তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্তক “নিৰ্ভিক সাংবাদিকতা-২০২৫ বঁটা”, সংগীত শিল্পী মাধৱ ৰঞ্জন গগৈক “বিশিষ্ট যুৱ শিল্পী-২০২৫ বঁটা”, সময় গগৈক “নিৰপেক্ষ সমাজ হিতৈষী-২০২৫ বঁটা” প্ৰদান কৰে। বঁটাত এখন গামোছা, চেলেং, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। দীৰ্ঘদিনৰ পৰা সাংবাদিকতাৰ জগতখনৰ জৰিয়তে সেৱা আগবঢ়াই অহাৰ বাবে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি ৰঞ্জিত দত্তই সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বলৈ ধন্যবাদ জ্ঞাপন কৰে আৰু এয়া অনাগত দিনত কাম কৰি যাবলৈ প্ৰদান কৰা উৎসাহ বুলি উল্লেখ কৰে। এনেধৰণৰ বঁটাই নিজৰ কৰ্মক্ষেত্ৰত অধিক দায়িত্বশীল কৰি তুলিব বুলি মন্তব্য কৰে দত্তই। পৰৱৰ্তী সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰমেন চৌধুৰী, সাধাৰণ সম্পাদক সন্দীপ প্ৰসাদ নেওগ, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসটি ছাত্ৰছাত্ৰীসকলক পুৰস্কাৰ বিতৰণ কৰি সামৰণি মাৰে।
প্ৰেৰক বিবেক বড়া