৩০ কিলোগ্ৰাম ওজনৰ কেক কাটি বজালীত ২১৩ বছৰীয়া বটবৃক্ষৰ জন্মদিন উদযাপন
নিয়মীয়া বাৰ্তা, ৬ জুনঃ এজোপ ২১৩ বছৰীয়া সুবৃহৎ বটবৃক্ষক কেন্দ্ৰ কৰি বজালীৰ জালিখাটাত গঢ় লৈ উঠিছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা এটি ধৰ্মীয় অনুষ্ঠান৷
বজালীৰ ঐতিহ্যমণ্ডিত জালিখাটাস্থিত কলিবাৰীত থানত দৈনিক আগমন ঘটে শ শ ধৰ্মপ্ৰাণ ৰাইজ তথা পৰ্যটকৰ৷ শিপা আৰু উপশিপা সহ বৃহৎ ডাল পাত আদিকে ধৰি কালদিয়া নদীৰ পাৰত এক বিশাল ভুমিখণ্ডৰে আকৰ্ষণীয় ৰূপত থকা উক্ত বটবৃক্ষ জোপাৰ আজি ২১৩ বছৰীয়া জন্ম দিন উদযাপন কৰা হয়৷
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি দিনৰ ভাগত গছজোপাৰ তলত পূজা অৰ্চনা কৰাৰ লগতে ৩০ কিলোগ্ৰাম ওজনৰ এটি কেক কাটি জন্মদিন উদযাপন কৰা হয় ৷কলিবাৰী শিৱথান পৰিচালনা সমিতিৰ সমিতিৰ উদ্যোগত আয়োজন কৰা এই বটবৃক্ষৰ জয়ন্তী অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগত কেবাশ ৰাইজে অংশগ্ৰহণ কৰি গছজোপাৰ দীৰ্ঘজীৱনৰ কামনা কৰে ৷
আনহাতে অনুষ্ঠান উপলক্ষে উক্ত স্থানত এটি বিষ্ণু মন্দিৰৰ নিৰ্মাণৰ ভুমি পূজনৰ লগতে মন্দিৰৰ নিৰ্মাণৰো শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷
প্ৰেৰক কল্যাণ কলিতা