🔹 ২৭খন উপ-সমিতিয়ে দিনে-নিশাই চলাইছে প্ৰস্তুতি
🔹 চাৰি হাজাৰ মহিলাই পৰিৱেশন কৰিব সমৱেত সংগীত
বাৰ্তা বুৰো, ৬ নৱেম্বৰ : ছাত্ৰ আন্দোলনৰ তেজ ৰঙা ইতিহাসৰ সাক্ষী বহন কৰা মৰিগাঁও চহৰত ২১ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত হ’ব। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও সদৰ ছাত্ৰ সন্থা আৰু মৰিগাঁওবাসীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনক লৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে আদৰণী সমিতিৰ লগতে মৰিগাঁওবাসী ৰাইজ। অসম আন্দোলনৰ পটভূমি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ আৰু মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দহ হাজাৰ ছাত্ৰ সন্থাৰ নেতা-কৰ্মীক আদৰিবলৈ ইতিমধ্যে আদৰণী সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আদৰণী সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ আৰু সাধাৰণ সম্পাদক তথা আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত ইতিহাস প্ৰসিদ্ধ মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অষ্টাদশ অধিৱেশনৰ ২১ নৱেম্বৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২২ তাৰিখে পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ সমান্তৰালকৈ প্ৰায় চাৰি হাজাৰ মহিলাই একেলগে সমৱেত সংগীত পৰিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। তাৰ পিছতেই মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ লোকক লৈ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। সাংস্কৃতিক শোভাযাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলিত হোৱাৰ লগতে অসমৰ চহা জীৱনৰ ঐতিহ্যসমূহো প্ৰতিফলিত হোৱাকৈ প্ৰস্তুতি চলোৱা হৈছে। আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনত মৰিগাঁও জিলাৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো স্তৰৰ লোকৰ লগতে মৰিগাঁও জিলাৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি আদৰণী সমিতিৰ সাধাৰণ সম্পাদক উৎপল শৰ্মাই জানিবলৈ দিয়ে। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথিসকলক আদৰাৰ লগতে বিভিন্ন থলুৱা ব্যঞ্জনো আপ্যায়ন কৰিবলৈ মৰিগাঁওবাসী ইতিমধ্যে সাজু হৈ আছে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে মৰিগাঁৱৰ মহিলাসকলে এক লাখ লাড়ু-পিঠা প্ৰস্তুতৰ কাম ইতিমধ্যে হাতত লৈছে। বৃহত্তৰ অনুষ্ঠানটোত প্ৰকাশ পাবলগীয়া তিনিখনকৈ গ্ৰন্থৰ ভিতৰত আদৰণী সমিতিৰ পাঁচশ পৃষ্ঠাৰ কলং কপিলী নামকৰণেৰে এখন মূল স্মৃতিগ্ৰন্থ, জিলা ছাত্ৰ সন্থা আৰু সদৰ ছাত্ৰ সন্থাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে সাউদ ভোলানাথ বৰুৱাৰ জীৱন দৰ্শনৰ ওপৰত এখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ কাম চলি আছে। দহ হাজাৰ প্ৰতিনিধিয়ে একেলগে বহি সভাত অংশগ্ৰহণ কৰিব পৰাকৈ পেণ্ডেলৰ কাম টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকাৰ উপৰি মুকলি সভাত বিশ হাজাৰ লোকে অংশগ্ৰহণ কৰিব পৰাকৈ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত পেণ্ডেলৰ কাম চলি আছে। তদুপৰি মৰিগাঁও চহৰৰ মাজমজিয়াত থকা হাউচিং বৰ্ডৰ ভূমিত বিশাল ভোজনালয় স্থাপন কৰা হৈছে। অধিৱেশন উপলক্ষে মৰিগাঁও চহৰৰ বিভিন্ন স্থানত বৰেণ্য ব্যক্তিৰ নামকৰণেৰে ভালেমান তোৰণ নিৰ্মাণ কৰি থকাৰ উপৰি অধিৱেশনকেন্দ্ৰিক ভালেসংখ্যক কাম-কাজৰো পূৰ্ণগতিত প্ৰস্তুতি চলোৱা হৈছে। তিনিদিনীয়া কাৰ্যসূচীত নিশা বৰ্ণময় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অধিৱেশনৰ ২১ নৱেম্বৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান থাকিব। ২২ নৱেম্বৰত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট শিল্পী তৰালী শৰ্মাৰ লগতে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, মানস ৰবীন, নিৰ্মালি দাস, প্ৰবীণ বৰা আৰু ৰিছা ভৰদ্বাজে গীতৰ শৰাই আগবঢ়াব। তদুপৰি সাংস্কৃতিক অনুষ্ঠানসমূহত বিহু, বৰগীত, সমৱেত সংগীত, তিৱা নৃত্য আদিৰ দ্বাৰা বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হ’ব। ইফালে, আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনত শোভাযাত্ৰা আৰু প্ৰদৰ্শনীত মৰিগাঁৱৰ ঐতিহ্য, সাংস্কৃতিক সমলসমূহ উপস্থাপন কৰা হ’ব বুলি আদৰণী সমিতিয়ে জানিবলৈ দিয়ে। অধিৱেশনৰ সফল পৰিচালনাৰ বাবে ইতিমধ্যে ২৭খন উপ-সমিতিয়ে দিনে-নিশাই কাম-কাজ পূৰ্ণগতিত চলাই আহিছে বুলি আদৰণী সমিতিৰ হৈ মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিৰ লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ, সাধাৰণ সম্পাদক উৎপল শৰ্মা, কাৰ্যকৰী সভাপতি হৰমোহন কলিতা আৰু অতনু শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন সফলভাৱে পৰিসমাপ্তি ঘটাবলৈ সমগ্ৰ মৰিগাঁওবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছে।
প্ৰেৰক প্ৰাঞ্জল দাস