নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ মাৰ্চৰ পৰা ঢেকীয়াজুলিৰ ঐতিহাসিক চিৰাজুলি সত্ৰৰ দৌল মহোৎসৱ

🔹 বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী

বিশেষ বাৰ্তা, ২০ মাৰ্চ : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত চিৰাজুলি সত্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । সেই উপলক্ষে ৭ মাৰ্চৰ দিনা দিনৰ ১১:৩০ বজাত দৌল মহোৎসৱৰ লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ অহা ২৪ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ অসমৰ জাতীয় কৃষ্টি-সংস্কৃতি সামৰি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱটি সু-শৃংখলিত আৰু অতি উলহ-মালহেৰে উদযাপনৰ বাবে ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে চিৰাজুলি সত্ৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই। ৫ দিনীয়া দৌল মহোৎসৱৰ কাৰ্যসূচীসমূহ হ’ল- ২৪ মাৰ্চৰ পুৱা ৯ বজাত ধৰ্মধ্বজ্জা উত্তোলন কৰিব চিৰাজুলি সত্ৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ কুমাৰ চন্দকে (মুন্না)। ৯:৩০ বজাত বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনুপমা দাসে। ইয়াৰ পিছতেই বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ পিছতে ১০ বজাত মঞ্চ উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ বৰাই। মঞ্চ উদ্বোধনৰ পিছতেই বৰগীত পৰিৱেশন আৰু পুৱা ১১ বজাত আৰম্ভ হ’ব দিহানাম প্ৰতিযোগিতা। দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম দিহানামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নয়নমণি শইকীয়াই। সন্ধিয়া ৫ বজাত গোসাঁই স্থাপন অনুষ্ঠান। একেদৰে ২৫ মাৰ্চত দৌল মন্দিৰত নাম-প্ৰসংগ আৰু খোল প্ৰসংগ। সন্ধিয়া ৬ বজাত ১নং ৱাৰ্ড জংঘলবস্তিৰ হৰিপ্ৰিয়া দিহানাম দলৰ দিহানাম পৰিৱেশন, সন্ধিয়া ৭ বজাত স্থানীয় চেমনীয়া শিল্পীৰ দ্বাৰা ভাওনা “ৰাম বিজয়” নাট প্ৰদৰ্শন। তৃতীয় দিনা অৰ্থাৎ ২৬ মাৰ্চৰ দুপৰীয়া ১ বজাত গোসাঁই পৰিভ্ৰমণ, সন্ধিয়া ৭ বজাত বড়ো শিল্পী সমাজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। ২৭ মাৰ্চত ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, ১২ বজাত বেংগলী সম্প্ৰদায়ৰ নাম-সংকীৰ্তন, দুপৰীয়া ১ বজাত সত্ৰীয়া সংস্কৃতিৰ আধাৰত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য-নাটিকা প্ৰতিযোগিতা, নিশা ৮ বজাত মাৰোৱাৰী সম্প্ৰদায়ৰ ভজন পৰিৱেশন। ২৮ মাৰ্চ অন্তিম দিনা কাৰ্যক্ৰমত দিনৰ ১০ বজাত ভকত দমন দাসৰ নাম পৰিৱেশন, দুপৰীয়া ২ বজাত আধ্যাত্মিক আলোচনা সভা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী অশোক সিংহল, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীৰ লগতে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু বিশিষ্ট লেখিকা স্বপ্নালী মহন্ত। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দৌল মহোৎসৱৰ লগতে বাণিজ্য মেলা অনুষ্ঠানত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি তথা দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like