নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জুলাইত চৰাইদেউ মৈদামক্ষেত্রই পাব স্বীকৃতি

বিশেষ বাৰ্তা, ২২ জুলাই : আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দিনৰ ১১ বজাত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রীগৰাকীক সাক্ষাৎ কৰাৰ কথা ৷ কালি নতুন দিল্লীৰ পৰা এক ফেচবুক লাইভৰ জৰিয়তে এই কথা সদৰী কৰিছে ড০ শর্মাই৷ তেওঁ প্রকাশ কৰা অনুসৰি প্রধানমন্ত্রীগৰাকীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত ৰাজ্যৰ শেহতীয়া পৰিৱেশ–পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব৷ বিশেষকৈ বান পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রীগৰাকীক অৱগত কৰিবলৈ চেষ্টা কৰিব বুলি ড০ শর্মাই সদৰী কৰে৷ অহা তিনি দিন দিল্লীত কটোৱাৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও এনআৰচিৰ পৰিপ্রেক্ষিতত বায়’মেট্রিকছ প্রদান কৰিব নোৱাৰাত বিভিন্ন চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বিষয়টোও আলোচনা কৰিব৷ এই প্রসংগত তেওঁ কয়– ‘প্রায় ৯ লাখ ২২ হাজাৰ লোকৰ এনআৰচিৰ ক্ষেত্রত বায়’মেট্রিকছ বন্ধ হৈ আছে৷ তাৰ ভিতৰত এনে বহু লোক আছে, যাৰ এনআৰচিত খচৰা আৰু চূড়ান্ত তালিকাতো নাম আছে৷ আন কিছুমান লোকৰ এনআৰচিৰ সৈতে কোনো সম্বন্ধই নাছিল৷ তেওঁলোকে বায়’মেট্রিকছ বন্ধ হৈ থকাৰ বাবে বহু অসুবিধাত ভুগি আছে৷ এই বিষয়টো মই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে দিল্লীত থকা সময়ছোৱাত আলোচনা কৰিবলৈ চেষ্টা কৰিম৷ তদুপৰি বিভিন্নগৰাকী মন্ত্রীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে আৱগত কৰিম৷’ বিশেষকৈ পলাশবাৰীত স্থাপন হ’বলগীয়া আইআইএম, নামৰূপৰ সাৰ কাৰখানা, ছেমি কণ্ডাক্টৰ উদ্যোগ আদি নির্মাণৰ খৰতকীয়া ব্যৱস্থাৰ বাবে সংশ্লিষ্ট কেন্দ্রীয় মন্ত্রীসকলৰ সৈতেও মিলিত হ’ব বুলি তেওঁ প্রকাশ কৰে৷ আনহাতে, ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতে অসমত এটা ৰে’লৰ দবা নির্মাণ উদ্যোগ স্থাপন কৰা সন্দর্ভত আলোচনাৰ চেষ্টা কৰিব বুলিও ড০ শর্মাই সদৰী কৰে৷ ইপিনে, কালিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য সন্মিলনৰ বিষয়েও তেওঁ ফেচবুক লাইভত উল্লেখ কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘বিশ্ব ঐতিহ্য সমিতিৰ সভা বর্তমান নতুন দিল্লীত অনুষ্ঠিত হৈ আছে৷ এই বিশ্ব ঐতিহ্য সভাখনত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে৷ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছে৷ আমাৰ অসমক প্রাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানাহক আগৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদান কৰা হৈছে৷ কিন্তু সাংস্কৃতিক দিশৰ পৰা যি ঐতিহ্যক সূচায়, সেই দিশৰ পৰা অসমত বিশ্ব ঐতিহ্য ক্ষেত্র নাছিল৷ চৰাইদেউ মৈদাম ক্ষেত্রক বিশ্ব ঐতিহ্য ক্ষেত্র কৰাৰ বাবে মানুহৰ দাবী আছিল৷ অসমৰ মুখ্যমন্ত্রী হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিগত বর্ষত মই অনুৰোধ কৰিছিলোঁ যে চৰাইদেউক ভাৰতৰ পৰা মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে ভাৰতৰ একমাত্র মনোনয়ন হিচাপে প্রস্তাৱ কৰক৷ প্রধানমন্ত্রী মোদীৰ সন্মুখত দুটা প্রস্তাৱ আছিল৷ এটা প্রস্তাৱ উত্তৰ প্রদেশৰ সৈতে জড়িত আছিল৷ তথাপি প্রধানমন্ত্রী মোদীয়ে বিশাল হূদয় দেখুৱাই তেওঁ উত্তৰ প্রদেশৰ সাংসদ হোৱা সত্ত্বেও চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে প্রস্তাৱ কৰিছিল৷ কালি মোদীৰ ভাষণত এই কথা প্রায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ জুলাইত চৰাইদেউ মৈদাম ক্ষেত্র বিশ্ব ঐতিহ্য ক্ষেত্রলৈ ৰূপান্তৰ হ’ব৷ প্রাকৃতিক শ্রেণীক বাদ দি সাংস্কৃতিক শ্রেণীত এয়া অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ প্রথম বিশ্ব ঐতিহ্য ক্ষেত্র হ’বলৈ গৈ আছে৷ বীৰ লাচিতৰ ৪০০সংখ্যক জয়ন্তীয়েই হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্রলৈ ৰূপান্তৰ কৰাই হওক, আমি যি কিঞ্চিৎ বৰঙণি যোগাব পাৰিছোঁ, মই ভাবোঁ মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্রাপ্তি হৈ ৰ’ব৷ ৰাজনীতি এৰাৰ পাছতো যিকেইটা কথা লৈ মুখ্যমন্ত্রী হৈ থকাৰ সময়ত কোনখিনি ভাল কাম, কোনখিনি অসমৰ কাৰণে সেৱা আগবঢ়াব পাৰিলোঁ, তাক যেতিয়া চিন্তা কৰিম তেতিয়া লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্রলৈ ৰূপান্তৰ আদি ঘটনাবোৰে মোৰ মানসপটত সদায় ইতিবাচকভাৱে ক্রিয়া কৰি থাকিব৷ অৱশ্যে ৰাইজক সেৱা কৰিবলগীয়া আৰু বহুতো আছে৷ দীঘলীয়া তালিকা আছে, এটা এটাকৈ কামবোৰ কৰি কৰি গৈ থাকিম৷’ আনহাতে, ঝাৰখণ্ডৰ সহঃপ্রভাৰী হিচাপে নির্বাচনী প্রচাৰলৈ যোৱাৰ সময়ত তেওঁৰ নিৰাপত্তাৰ ব্যয় অসম চৰকাৰে বহন কৰা সন্দর্ভত কংগ্রেছে কৰা সমালোচনাৰো মুখ্যমন্ত্রীগৰাকীয়ে প্রত্যুত্তৰ দিয়ে৷ এই বিষয়টোক লৈ কংগ্রেছে বিতর্কৰ সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰি ড০ শর্মাই কয়– ‘কংগ্রেছে বিতর্ক কৰিবলৈ চেষ্টা কৰিছে যে অসমৰ মুখ্যমন্ত্রীৰ ৰাজনৈতিক ভ্রমণৰ নিৰাপত্তাৰ খৰচো এতিয়া ৰাইজে বহন কৰিব লাগিব৷ মই কংগ্রেছ দলক এটা প্রশ্ণ সুধিব খোজোঁ, মই যেতিয়া ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্রদেশ আদিলৈ যাওঁ, মোৰ সকলো খৰচ ভাৰতীয় জনতা পার্টীয়ে বহন কৰে৷ কিন্তু নিৰাপত্তা দিয়াটো এখন চৰকাৰৰ দায়িত্ব৷ মুখ্যমন্ত্রীয়েই হওক বা আন বিৰোধী ৰাজনৈতিক দলৰ নেতাই হওক নিৰাপত্তাৰ খৰচ কোনে কৰিব, কাৰ ভাগ্যত এই খৰচ যাব, কেনেকৈ তাৰ খৰচ হ’ব, এই কথাবোৰত আমি মাতো নামাতো৷ মোক নিৰাপত্তাৰ প্রয়োজন নাই৷ মানুহৰ মৰমত মই থাকিম৷ চৰকাৰে ভাবে- মোৰ নিৰাপত্তাৰ প্রয়োজন আছে৷ মুখ্যমন্ত্রীৰ আসনখন সদায় মোৰ লগত নাথাকে৷ সদায় ইমান নিৰাপত্তাও মোৰ লগত নাথাকে৷ নিৰাপত্তা হিমন্ত বিশ্ব শর্মাক নিদিয়ে৷ নিৰাপত্তা দিয়ে অসমৰ মুখ্যমন্ত্রীগৰাকীক৷ মই অসমৰ মুখ্যমন্ত্রী৷ কালিলৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল? ছোনিয়া গান্ধীৰ দায়িত্ব কি আছিল? মল্লিকার্জুন খার্গেৰ দায়িত্ব কি আছিল? প্রিয়ংকা গান্ধীৰ দায়িত্ব কি আছিল? কিন্তু তেওঁলোক অসমলৈ আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ জানো অসমে বহন নকৰে? আজি কংগ্রেছ দলে অলপ সময়ৰ বাবে চিন্তা কৰক৷ ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায়যাত্রা চলাইছিল, তৰ নিৰাপত্তাৰ খৰচ কোনে বহন কৰিছিল? তেওঁতো অসমৰ মুখ্যমন্ত্রীও নহয়৷ অসমৰ মুখ্যমন্ত্রীক নিৰাপত্তা দিয়াৰ দায়িত্ব অসম চৰকাৰে ল’ব৷ কিন্তু ৰাহুল গান্ধীক নিৰাপত্তা দিয়াৰ খৰচ অসমৰ ৰাইজে কিয় বহন কৰিব? কিন্তু আমি বহন কৰিব লাগিব৷ কাৰণ সেয়া ৰাষ্ট্রৰ দায়িত্ব৷ ৰাহুল গান্ধীয়ে যেতিয়া গোটেই ভাৰততে ভাৰত জোড়ো ন্যায় যাত্রা কৰিছিল, ভাৰতৰ চৰকাৰসমূহে ৰাহুল গান্ধীক নিৰাপত্তা প্রদান কৰিছিল৷ ক’ব গ’লে, তেওঁ সমগ্র ভাৰততে ন্যায় যাত্রা কৰিছিল৷ কংগ্রেছ দলে ভাবি চাব লাগে– যদি মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ খৰচ চৰকাৰে দিব নোৱাৰে, তেনেহ’লে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ খৰচো চৰকাৰে দিব নোৱাৰে৷ তাৰ মানে অহাবাৰ ৰাহুল গান্ধী অসমলৈ আহিলে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্রত ব্যয় হোৱা খৰচৰ হিচাপটো আমি  ৰাজীৱ ভৱনলৈ পঠিয়াই দিম নেকি? ৰাজনীতি ইমান তলত গৈ নহয়৷ মই কংগ্রেছ দলক বিনম্রতাৰে অনুৰোধ কৰিম, অসমৰ বিধানসভা নির্বাচন ২০২৬ত অনুষ্ঠিত হ’ব৷ বহু কাম আমি কৰিবলৈ বাকী আছে৷ ৰাইজে সময়ত সিদ্ধান্ত ল’ব৷ দুবছৰ আগৰ পৰা ইমান চিন্তা কৰি নিশা টোপনি নোহোৱা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ প্রতিজন ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰে বহন কৰে৷ মই আশা কৰোঁ, নিৰাপত্তা আদি বিষয়ক লৈ কংগ্রেছ দলে যাতে ৰাজনীতি নকৰে৷’ ইফালে অহা ১৬ আগষ্টৰ পৰা অসমৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ নিযুত মইনা আঁচনিৰ প্র–পত্র বিতৰণৰ কাম আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ এইবাৰ নামভর্তি হোৱা সকলো ছাত্রীয়ে বিনামূলীয়াভাৱে এই প্র–পত্র লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like