নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটমণ্ডল, পাঠশালাৰ ২৮সংখ্যক শিশু নাট্যানুষ্ঠানৰ সামৰণি

🔹 নাট্যকাৰ নিতুল কুমাৰ মেধিৰ শিশু নাট ‘এ গ্ৰেড-বি গ্ৰেড’-‘সসেমিৰা’ মঞ্চস্থ

নিয়মীয়া বাৰ্তা,  ১২ আগষ্ট : বজালীত শিশু নাটৰ অন্যতম বাটকটীয়া “নাটমণ্ডল, পাঠশালা”ই‌ ১০‌ আৰু ১১ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ২৮সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠান। পূৰ্বৰ গৰিমা সম্পূৰ্ণ অটুট ৰাখি এইবেলিও সৰ্বভাৰতীয় খ্যাতিসম্পন্ন নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে ‘এ গ্ৰেড-বি গ্ৰেড’ আৰু ‘সসেমিৰা’ শীৰ্ষক শিশু নাট দুখনিৰ মাজেৰে শিল্পী-সাহিত্যিকৰ সমাজৰ প্ৰতি থকা দায়িত্বক সচেতনভাৱে পালন কৰে৷ পৰিচালনাৰ ক্ষেত্ৰতো মেধিয়ে প্ৰায় প্ৰতিটো দৃশ্যতে কঠোৰ পৰিশ্ৰম আৰু সঠিক অনুশীলনৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হয়৷ কৃতী শিক্ষক দশৰথ কলিতা আৰু ড° ৰুণু দেৱী সোঁৱৰণী নাট্য সন্ধ্যাৰ প্ৰথম দিনা নাটমণ্ডলৰ ব্ৰজনাথ শৰ্মা নাটঘৰৰ নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চত আৰু দ্বিতীয় দিনা অৰ্থাৎ কালি নিশা পাঠশালাৰ ঐতিহ্যমণ্ডিত নাট্য মন্দিৰৰ মঞ্চত প্ৰতিনিশা দুটাকৈ দৰ্শনীৰে মঞ্চস্থ কৰা হয় “এ গ্ৰেড -বি গ্ৰেড” আৰু “সসেমিৰা”। সাহিত্যিক তথা নাটমণ্ডলৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে উদ্বোধন কৰা প্ৰথম দিনাৰ নাট্য সন্ধ্যাত বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত হিয়া মেধিয়ে দেৱেন ৰয় সম্পাদিত নাটমণ্ডলৰ বাৰ্ষিক মুখপত্ৰ ‘নাট্যগল্প’ৰ ২৮ সংখ্যাটি উন্মোচন কৰে। আনহাতে, ১১ আগষ্টৰ নাট্য সন্ধ্যা উদ্বোধন কৰে পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীয়ে। নাটমণ্ডল, পাঠশালাৰ এমহীয়া গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰায় দুকুৰি শিক্ষাৰ্থীয়ে নিবেদন কৰা নাট্য সন্ধ্যা দুটিত দৰ্শকৰ সঁহাৰি আছিল অভূতপূৰ্ব। প্ৰচণ্ড গৰমকো নেওচি দুয়োদিনেই পূৰ্ণ প্ৰেক্ষাগৃহত থিয় হৈ থকা দৰ্শক ৰাইজে উমান দিছিল শিশু নাট দুখনিৰ সফলতা। অভিনয় শিল্পী তথা কলাকুশলীবৃন্দ আছিল- বিজিত ডেকা, ৰিণি মেধি, বিস্মিতা চৌধুৰী, মৃণালেশ চৌধুৰী, অবিনাশ মেধি, নিখিল দাস, প্ৰীতম দাস, জয়শ্ৰী পাটগিৰি, মনীষা চৌধুৰী, অশ্বঞ্জয়া কলিতা, নীতিশ কুমাৰ দাস, শশাংক ৰয়, দেৱাশিস গোস্বামী, কৃত্বিকা ৰয়, শ্বেহনাজ আখতাৰ, প্ৰীয়াস্মিতা শালৈ, কৌশিক শৰ্মা, মৃন্ময় ৰয়, দিদৃশা দাস, সীমান্ত দাস, দিয়া শৰ্মা, ৰিয়া পাঠক, মৌচুমী মিশ্ৰ, পৰিশ্ৰী কলিতা, দীক্ষু সুমন ৰয়, ৰিচিকা ৰয়, ৰিয়াস্মিতা দাস, ৰুহী দাস, অনুস্মিতা দাস, ভৃগু কলিতা, মূৰ্চ্ছনা শৰ্মা, স্মৃতিৰাণী চৌধুৰী, শিখামণি কলিতা, ৰিচা ডেকা, শৈলেন কাকতি, মনজিত তালুকদাৰ, কৃষাণ বৰুৱা৷ নাটমণ্ডলৰ এই নিৰৱচ্ছিন্ন সজ আৰু সাহসিক‌ পদক্ষেপে অঞ্চলটোলৈ কেৱল আশাৰ বতৰা কঢ়িয়াই অনাই নহয়, অসমৰ নাট্য আন্দোলনলৈও এক অন্যতম সংযোজন হিচাপে নাট্যকাৰ নিতুল কুমাৰ মেধিৰ ‘এ গ্ৰেড-বি গ্ৰেড’ আৰু ‘সসেমিৰা’ৰ দৰ্শকৰ মাজত আলোচিত হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like