নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ জানুৱাৰীৰ পৰা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ তাৰিখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা সূত্ৰেই ডেৰ মাহ পিছুৱাই দিয়া হয় । ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী মহোৎসৱ পূৰ্বতে চলিত বৰ্ষৰ ৯, ১০ আৰু ১১ নৱেম্বৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ দিন স্থিৰ কৰা হৈছিল যদিও  উক্ত সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ বাবেই তিনিদিনীয়াকৈ আয়োজন কৰিবলগীয়া মহোৎসৱৰ তাৰিখ অহা বর্ষৰ  জানুৱাৰী মাহত  আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ ছেমিনাৰ হলত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ড° মানসজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা ৰাজনৈতিক প্ৰবন্ধকাৰ ড° অখিল ৰঞ্জন দত্ত, ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত উপ-আয়ুক্ত কাৰ্তিক কলিতা, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমণি গোহাঁই চেতিয়া, বিশিষ্ট নাগৰিক পৃথু বৰা, হেম বৰুৱাৰ লগতে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য-সদস্যাসকল আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে । সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অহা বৰ্ষৰ ২৮, ২৯ আৰু ৩০ জানুৱাৰীত তিনিদিনীয়াকৈ মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উদযাপন সমিতিয়ে  উল্লেখিত তিনিও দিনৰ কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like