নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : আজিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা”ত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩৪৮ সংখ্যক শ্বহিদী দিৱস। উল্লেখ্য যে কেৱল টেগ বাহাদুৰেই নহয়, শিখসকলৰ প্ৰথম ধৰ্মগুৰু গুৰু নানকৰো পদাৰ্পণ ঘটিছিল ধুবুৰীৰ এই গুৰুদ্বাৰা থকা স্থানত। পিছত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীত আৰু তেওঁ বৰলুইতৰ পাৰত অনন্য সুন্দৰ এই গুৰুদ্বাৰাটো স্থাপন কৰিছিল৷ শিখ ধৰ্মাৱলম্বী লোকৰ মাজত অতি পৱিত্ৰ বুলি বিবেচিত শ্বহিদী দিৱসৰ কাৰ্যসূচীত কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰেই নহয়; দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও পুণ্যাৰ্থী আহি উপস্থিত হৈছে ৷ আনবাৰৰ দৰে শ্বহিদী দিৱসৰ সৈতে সংগতি ৰাখি গুৰুদ্বাৰাটোৰ সমীপতে থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া এখন মেলাও। উল্লেখ্য যে কাইলৈ শ্বহিদী দিৱসৰ মুখ্য আকৰ্ষণ “নগৰ সংকীৰ্তন” কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী