🔹 বিশ্ব শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ
বিশেষ বাৰ্তা, ১২ আগষ্ট : অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰৰ ৩৭সংখ্যক নাট্যবৰ্ষৰ বাবে আজি লাইখুঁটা স্থাপন কৰা হয় । মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত আজি দিনত এক আড়ম্বৰপূৰ্ণ পৰিৱেশত খোল, তাল, শংখধ্বনিৰ মাজত লাইখুঁটা পোতা হয় । এই অনুষ্ঠানত হেঙুল থিয়েটাৰৰ প্ৰযোজক-নাট পৰিচালক সংকল্পজিত হাজৰিকা (বাবলু), পৰিকল্পক পংকজ হাজৰিকা (জোন), মৰিয়নি ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি তপন দাস, বিষয়ববীয়া মুন নায়ক, মইনা গগৈ আদিৰ লগতে হেঙুল থিয়েটাৰৰ কলাকুশলীসহ বহুসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰসিদ্ধ অভিনেতা-নাট পৰিচালক প্ৰশান্ত হাজৰিকা আৰু সু-অভিনেত্ৰী ইলা কাকতীৰ স্মৃতি বিজড়িত হেঙুল থিয়েটাৰে মৰিয়নি ক্ৰীড়া সন্থাৰ সহযোগত বাপুজী ষ্টেডিয়াম প্ৰাংগণত অহা ২১ আগষ্টৰ পৰা এই বৰ্ষৰ নাট্যযাত্ৰা আৰম্ভ কৰিব। এই বৰ্ষত হেঙুল থিয়েটাৰে অভিনেতা কমল লোচন, নৱাগত অভিনেতা নিৰূপম শইকীয়া, মহেশ বৰা, দেৱজিত বৰা, গৌতম ৰাজ, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, হিমাংশু গগৈ, অলকেশ হাজৰিকা, জয়ন্ত বৰ্মন, পাৰ্থ বৰা, অভিনেত্ৰী অশ্ৰুমণি বৰা, স্নিগ্ধা গগৈ, হেলেনা আখতাৰ, নৱাগতা শিল্পীশিখা বৰা আদিৰ অভিনয়েৰে অভিজিৎ ভট্টাচাৰ্যৰ ‘বিড়ি’, প্ৰণৱ বৰুৱাৰ ‘চিলনি’ আৰু প্ৰণৱ ভৰালীৰ ‘মছজিদ ৰোড নামঘৰ পথ’ নামৰ তিনিখন নাট লৈ ৰাইজৰ মাজলৈ আহিব । ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞাই ২১ আগষ্টৰ সন্ধিয়া এই বৰ্ষৰ নাট্যযাত্ৰা মুকলি কৰিবলগীয়া অনুষ্ঠানত জনপ্ৰিয় শিল্পী দীক্ষুয়ে অনুষ্ঠান পৰিৱেশন কৰিব । ইফালে, অসমৰ আগশাৰীৰ আন এক ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক, সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াৰ মৃত্যুত হেঙুল থিয়েটাৰ কৰ্তৃপক্ষই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । নাটকৰ আখৰাৰ মাজতে মঞ্চত নাট্যদলটিৰ প্ৰযোজক, পৰিকল্পক, সমূহ শিল্পী- কলাকুশলীসহ সকলোৱে বিশ্ব শইকীয়াৰ মৃত্যুত এখন শোকসভা অনুষ্ঠিত কৰে আৰু মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
দিব্যজ্যোতি শইকীয়া