নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডত আজিৰ পৰা ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়া

🔹 উদ্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে : অসম দলৰ ধ্বজাবাহক অস্মিতা–ছানমা

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : উত্তৰাখণ্ডত আজিৰ পৰা আৰম্ভ হ’ব ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়া৷ ডেৰাডুনৰ আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি সন্ধিয়া ৫ বজাৰ পৰা হ’ব লগা উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ অনুষ্ঠানত কমনৱেলথ গেমছ ফেডাৰেচনৰ সভাপতি ক্রিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমীট সিং, ৰাজ্যৰ মুখ্যমন্ত্রী পুস্কৰ সিং ধামি, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অসম অলিম্পিক সন্থাৰ হৈ উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথিৰূপে অংশ ল’ব সম্পাদক লক্ষ্য কোঁৱৰে৷ ইফালে, উদ্বোধনী অনুষ্ঠানত অসম দলৰ ধ্বজাবাহক হ’ব ৰাজ্যৰ দুই তাৰকা তথা আন্তর্জাতিক ক্রীড়াবিদ মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু পুৰুষ উশ্বু খেলুৱৈ ছানমা ব্রহ্ম৷ উল্লেখ্য যে ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত মুঠ ৩৭খন ৰাজ্য, কেন্দ্রীয়শাসিত ৰাজ্য তথা বিভাগীয় দলে অংশ লৈছে৷ উদ্বোধনী অনুষ্ঠানত অসম দলৰ চীফ দ্য মিছন অভিজিৎ ভট্টাচার্যৰ লগতে দুই ডেপুটী চীফ দ্য মিছন হীৰেন গগৈ আৰু নিৰঞ্জন শইকীয়াসহ এথলীট পেৰেডত অংশ ল’ব এল হেমন্ত সিং, সুৰঞ্জন ভোবৰা, ময়ূৰী বর্মন, শান্তিপ্রিয়া হাজৰিকা, সুজেন বুঢ়াগোহাঁই, সুৰজ গোৱালা, ৰঞ্জন বুঢ়াগোহাঁই, ঈশাৰাণী বৰুৱা, ৰঞ্জিত বড়ো, উদাংশ্রী নার্জাৰী, খুদ্রা পাংগিং, প্রিয়া বড়ো, নিশিতা দত্ত, অজিত ৰাভা, ৰয়তলি বড়ো, জ্যোতিষ কোঁৱৰ, দিলীপ গাওখোৱা, শ্রেয়ানী মজুমদাৰ, এট্টু ভূঞা আৰু সিদ্ধান্ত চেটার্জী৷ এইবাৰ ৰাষ্ট্রীয় ক্রীড়াত অসমে মুঠ ২২বিধ খেলত অংশ ল’ব৷ খেলুৱৈ আৰু বিষয়াসহ প্রায় তিনিশজনীয়া এটা দল অসমৰ পৰা যাব৷ আনহাতে, ৰাষ্ট্রীয় ক্রীড়াৰ খেল উত্তৰাখণ্ডৰ ১১টা বিভিন্ন স্থানত অনুষ্ঠিত হ’ব৷ ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাক নির্দেশ দিছে যে ৰাজ্যৰ খেলুৱৈয়ে কোনো কাৰণতে প্রতিযোগিতাৰ সময়ত সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ আমাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও ৰাষ্ট্রীয় ক্রীড়াৰ সময়ত ক্রীড়াবিদৰ কাষত ২৪ ঘণ্টা অসম অলিম্পিক সন্থাৰ প্রতিনিধিক উপস্থিত থাকিবলৈ নির্দেশ দিছে৷ সেয়েহে আমি নিজেই সকলোখিনি তদাৰক কৰিম৷ অসম অলিম্পিক সন্থাৰ প্রতিনিধিয়ে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিবলৈ সাজু৷’– সম্পাদক লক্ষ্য কোঁৱৰে অৱগত কৰে৷ ইফালে, ৰাষ্ট্রীয় ক্রীড়াৰ উদ্বোধন আজি হ’ব যদিও ইতিমধ্যে খেল আৰম্ভ হৈছে৷ কালি অসমৰ মহিলা বীচ্চ হেণ্ডবল দল গ্রুপৰ প্রথম মেচত হাৰিয়ানাৰ বিৰুদ্ধে ২–০ গ’লত পৰাজিত হয়৷ অসমে আজি মহাৰাষ্ট্র আৰু ২৯ জানুৱাৰীত উত্তৰাখণ্ডৰ বিৰুদ্ধে পৰৱর্তী মেচ খেলিব৷ ইফালে, ট্ৰাইথলনৰ একক শাখাত অসমৰ পুৰুষ–মহিলা খেলুৱৈ পদক লাভৰ পৰা বঞ্চিত হৈছে৷ অসমৰ পুৰুষ ফুটবল দলৰ লগতে সাঁতোৰ আৰু স্কোৱাছ দলো কালি উত্তৰাখণ্ডত উপস্থিত হৈছে৷

You might also like