নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগণন ভক্তিপ্ৰাণ লোকৰ উপস্থিতিত পৰ্বতঝোৰাত ৪২সংখ্যক কালী পূজা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰী আৰক্ষী থানাৰ এলেকাধীন ছাতাগুৰিস্থিত ঐতিহ্যমণ্ডিত কালী গোসাঁনী ৪২তম বাৰ্ষিক পূজা কালি নিশাৰে পৰা আৰম্ভ হৈ আজি পুৱতি নিশা অগণন ভক্তিপ্ৰাণ লোকৰ উপস্থিতিত সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি, কালি নিশা ৮ বজাৰ পৰা ছাতাগুৰি কালী মন্দিৰৰ প্ৰতিষ্ঠিত মা কালী মূৰ্তিত বিশেষ পূজা অনুষ্ঠিত হয়। এই বিশেষ পূজাত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু বাদ্যযন্ত্ৰৰ শব্দ আৰু হাজাৰ হাজাৰ ভক্তৰ মা কালী কী জয় ধ্বনিয়ে আকাশ-বতাহ মুখৰিত কৰি তোলে। ছাতাগুৰিৰ এই পূজাত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ সহযোগিতা আৰু উপস্থিতিয়ে এক সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায়।  উল্লেখযোগ্য যে ছাতাগুৰিৰ কালী মন্দিৰ বাৰ্ষিক পূজা তথা প্ৰতিদিনৰ পূজাত অঞ্চলটোৰ বিশিষ্ট সমাজসেৱক বিপ্লৱ মুখাৰ্জীয়ে সেৱামূলক অৱদান আগবঢ়াই আহিছে। এইবেলিও বিভিন্ন অঞ্চলৰ পৰা হাজাৰ ভক্তিপ্ৰাণ লোকে সমৱেত হৈ জাগ্ৰত দেৱী হিচাপে খ্যাতি থকা কালী মাৰ ওচৰত  নিজৰ মংগল বিচাৰি পূজা-অৰ্চনা কৰে। পূজা উপলক্ষে অগণন ভক্তিপ্ৰাণ লোকৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। এই কালী পূজাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like