নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীত শ্ৰীশ্ৰী কালী মাতাৰ ৪৭সংখ্যক বাৰ্ষিক পূজাত ভক্তৰ সমাগম

🔹 পূজা উপলক্ষে সাত দিনীয়া মেলা আৰম্ভ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীত অৱস্থিত বিশ্বৰ অদ্বিতীয় উচ্চতাৰ ২৫ হাত তথা ৩৭ ফুট উচ্চতাৰ শ্ৰীশ্ৰী কালী মাতাৰ  ৪৭সংখ্যক বাৰ্ষিক পূজা কালি নিশাৰ পৰা আৰম্ভ হৈ আজি পুৱতি নিশালৈ বিশেষ পূজা অনুষ্ঠিত হয়। এই পূজা উপলক্ষে অনুষ্ঠিত বিশাল সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণেৰে সকলোকে এক আধ্যাত্মিক চেতনাৰে  উদ্বুদ্ধ হয়। পিছত নিশা হোৱাৰ লগে লগে ব্ৰাহ্মণ-পুৰোহিতৰ বৈদিক মন্ত্ৰ উচ্চাৰণৰ যোগেদি কালী মাতাৰ পূজা  আৰম্ভ হয়। এই পূজাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্তিপ্ৰাণ লোকে সমৱেত হৈ সকলোৰে মংগল কামনা কৰি পুষ্পাৰ্ঘ্য নিবেদন কৰে। আজি পুৱতি নিশালৈকে অনুষ্ঠিত এই পূজাত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। এই উপলক্ষে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ৭ এপ্ৰিলত পুৱা দহ বজাৰ পৰা শিৱ পূজা আৰু মনসা পূজা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি, ৮ এপ্ৰিলত পুৱা দহ বজাৰ পৰা চন্ডী পূজা অনুষ্ঠিত হয় । লগতে ৯ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে প্ৰতি দিনাই বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। এই উপলক্ষে শিবেন্দ্ৰ নাথ ব্ৰহ্মক সাভাপতি, দিলীপ কুমাৰ পালক কাৰ্যকৰী সভাপতি, ৰতন লাল সাহাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী মন্দিৰ পৰিচালনা সমিতি গঠন কৰা হয়। এই বাৰ্ষিক পূজাত সকলো স্তৰৰ ভক্তিপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। লগতে এই  পূজা উপলক্ষে কালিৰে পৰা সাতদিনীয়া মেলা আৰম্ভ হৈছে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like