নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ বছৰত পদাৰ্পণ কৰা বৰপেটাৰোডৰ বৰদৈচিলা বিহুৱাদলৰ আখৰাৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ চ’ত মাহ পোৱাৰ লগে লগে প্ৰকৃতিয়ে ‍ৰং সলোৱাৰ সময়ত ৰাজ্য তথা দেশ-বিদেশতো অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতিৰ চলোৱাৰ সমান্তৰালকৈ বৰপেটাৰোডতো একেই যো-জা পৰিলক্ষিত হৈছে। ৰঙালী বিহুক লৈয়ে ব্যস্ত হৈ পৰিছে বৰপেটাৰোডৰ ঐতিহ্যমণ্ডিত বৰদৈচিলা বিহুৱাদলটোৱে। উল্লেখ্য যে এইবেলি ৪৮ বছৰত পদাৰ্পণ কৰা দলটোৱে প্ৰায় পদুলিমুখত থকা ৰঙালী বিহুক আদৰৰ বাবে বৰপেটাৰোড সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে পূজা অৰ্চনা আৰু ভাগৱত পাঠৰে আখৰাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত  বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়ন, সম্পাদক ৰমেন শৰ্মা, সমাজ সেৱিকা নিপা কলিতা,হিমাংশু ভৰালী,জিন্টু দাস,সুনীল দাস, অঞ্জন জ্যোতি নাথ, কমল তালুকদাৰ, দীপু দাস, আৰু দীপাংকৰ দাস প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে। ৰাইজে এইক্ষেত্ৰত দলটোক শুভকামনা জনায়।

প্ৰেৰক দীপাংকৰ বায়ন

You might also like