নিয়মীয়া বাৰ্তা, ৩১ মে’ : অসমৰ পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলা পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ লগতে কুকুৰমাৰা ক্লাবৰ সহযোগত ২ জুনত অনুষ্ঠিত হ’ব চতুৰ্থ অসম আন্তঃজিলা নাওখেল প্ৰতিযোগিতা । কুকুৰমাৰা নেহৰু ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ সভাপতি তাহেৰ আহমেদ আৰু সম্পাদক অনুপ কুমাৰ চৌধুৰীয়ে এই কথা জানিবলৈ দিছে। এই নাওখেল প্ৰতিযোগিতাত কামৰূপ (মেট্ৰ’), কামৰূপ, দক্ষিণ কামৰূপ, শিৱসাগৰ, মাজুলী, দৰং আৰু শোণিতপুৰ জিলাৰ প্ৰায় ১৫০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। পুৰুষ, মহিলা আৰু মিক্স ডাবলছ- এই তিনিটা শাখাত অনুষ্ঠিত হ’ব লগা এই নাওখেল প্ৰতিযোগিতাত প্ৰতিটো দলতে ৮গৰাকীকৈ খেলুৱৈ থাকিব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ মাজৰ পৰাই অহা ২১ জুনৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় ড্ৰেগন নাওখেল প্ৰতিযোগিতাৰ অসম দলটো বাছনি কৰিব। উল্লেখযোগ্য যে কুকুৰমাৰাৰ চাইটেনী বিলতে নিৰ্বাচিত ৰাজ্যিক দলটোৰ অনুশীলন তথা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। সংবাদ মেলত সভাপতি আৰু সম্পাদকৰ উপৰি যুটীয়া সম্পাদক সুকুমাৰ মেধি, টেকনিচিয়ান খগেন নাথ, মাধৱ কলিতা, গাঁওপ্ৰধান জনক দাস, নাওখেলৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰূপেন ৰাভা, ৰাজ্যিক খেলুৱৈ প্ৰাঞ্জল কলিতাৰ লগতে সাহিত্য, ক্ৰীড়া সামাজিক, সাংস্কৃতিক অনুষ্ঠান কুকুৰমাৰা নেহৰু ক্লাবৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
প্ৰেৰক ভগৱান দাস