বিজনীত ৫৯সংখ্যক সদৌ অসম জ্যেষ্ঠ পুৰুষ-মহিলা দিবা-নৈশ ভলীবল প্ৰতিযোগিতা
বিশেষ বাৰ্তা, ২ ফেব্ৰুৱাৰী : চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৫৯সংখ্যক সদৌ অসম জ্যেষ্ঠ পুৰুষ আৰু মহিলা দিবা-নৈশ ভলীবল চেম্পিয়নশ্বিপ-২০২৪ । অসম ভলীবল সন্থাৰ উদ্যোগত আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিতব্য উক্ত প্ৰতিযোগিতাত ৰাজ্যখনৰ ২৪খন ক্ৰীড়া জিলাৰ মুঠ ৩৮টাকৈ ভলীবল দলে যোগদান কৰিছে। ইয়াৰে ২১টা পুৰুষ আৰু ১৭টা মহিলা দল। আজি পুৱা ১০ বজাত উক্ত প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে , খেলৰ পতাকা উত্তোলন কৰে ক্ৰীড়া সন্থাৰ সভাপতি মনোৰঞ্জন তালুকদাৰ, জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমিয় ব্ৰহ্মই। আজিৰ ভলীবল খেলত অংশগ্ৰহণ কৰা দলৰ ভিতৰত প্ৰথমতে মহিলা দলৰ গোলাঘাট আৰু দক্ষিণ কামৰূপ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত খেল অনুষ্ঠিত হয় । পুৰুষৰ দলৰ মৰিগাঁও আৰু তেজপুৰৰ মাজত খেল অনুষ্ঠিত হয় ।
প্ৰেৰক বৰ্ণালী তালুকদাৰ