নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলশৰত অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি

🔹 ‘ৰজা হৰিশ্চন্দ্ৰ’ নাটৰ শুভ মহুৰত অনুষ্ঠান

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন বেলশৰ  অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি চলিছে। অহা ১৭, ১৮, ১৯, ২০, ২১ জানুৱাৰীত অনুষ্ঠিতব্য অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন বেলশৰ অধিৱেশনৰ কাম-কাজ চলিছে পূৰ্ণগতিত। অধিৱেশনত মঞ্চস্থ হ’ব লগা ‘ৰজা হৰিশ্চন্দ্ৰ’ নাটৰ শুভ মহুৰত অনুষ্ঠানটি আজি পুৱা  বেলশৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আদৰণী সমিতিৰ অন্যতম যুটীয়া সম্পাদক নৱজ্যোতি মিশ্ৰই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ তথা আদৰণী সমিতিৰ সভাপতি জীতেন শৰ্মাই নাৰিকল ভাঙি ‘ৰজা হৰিশ্চন্দ্ৰ’ নাটকৰ শুভ মহুৰত অনুষ্ঠানটি মুকলি কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ ৰমেশ হালৈ, আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষী পাটোৱাৰী, মুখ্য সম্পাদক নৱৰত্ন পাটোৱাৰী, প্ৰবীণ নাট্যশিল্পী ভোগী বৰ্মন, প্ৰবীণ নাট্যশিল্পী তথা শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ, যুৱ নাট্যকাৰ প্ৰশান্ত মেনা, বিশিষ্ট শিক্ষাবিদ ড০ তৰুণ শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। পিছত ‘ৰজা হৰিশ্চন্দ্ৰ’ নাটখনৰ আখৰা আৰম্ভ হয়। ঐতিহাসিক কালজয়ী নাটখনত আজি আখৰাত ভাগ লয় প্ৰবীণ নাট্যশিল্পী ভোগী বৰ্মন, ৰঞ্জিত মিশ্ৰ, দিলীপ সেন ডেকাই। নাটখনত স্থানীয় ন-পুৰণি বহুকেইগৰাকী শিল্পীয়ে অভিনয়ত ভাগ ল’ব। ইপিনে, আগন্তুক নাট্য সন্মিলনৰ অধিৱেশনত নাটকখন সম্পূৰ্ণ যাত্ৰা পাৰ্টী ৰূপত অভিনয়েৰে নাট প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে, আজিৰ শুভ মহুৰত অনুষ্ঠানৰ পিছতে অধিৱেশনৰ মূল সভাগৃহ, গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু অতিথিৰ বাবে থকা-খোৱা, প্ৰতিনিধিসকলৰ থকা-খোৱাৰ ঠাই পৰ্যবেক্ষণ  কৰে অসম নাট্য সন্মিলনৰ সম্পাদক সন্তোৰাম দাস প্ৰমুখ্যে ৬৩সংখ্যক বেলশৰ মধ্যকালীন অধিৱেশনৰ সভাপতি, মুখ্য সম্পাদকসহ উপ-সমিতিসমূহৰ সভাপতি-সম্পাদকসকল উপস্থিত  আছিল। পিছত মিলন শিল্পী সংঘৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আদৰণী সমিতিৰ বিভিন্ন উপ-সমিতিৰ বিষয়ববীয়া এখন বৈঠকত মিলিত হৈ উপ-সমিতিসমূহৰ পৰা বাজেটসমূহ গ্ৰহণ কৰে আদৰণী সমিতিৰ সভাপতি তথা নাট্যকাৰ জীতেন শৰ্মাই।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like