নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ৬৪সংখ্যক গুৰিহাটী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঐতিহ্যমণ্ডিত গুৰিহাটী ৰাস মহোৎসৱটি এইবেলি ১৪ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ১২ দিনীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৬৪ সংখ্যক এই ৰাসোৎসৱটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰক সভাপতি, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, যুৱ সমাজ কৰ্মী মদন ৰাভা আৰু ধ্ৰুৱজ্যোতি বড়োক যুটীয়া সম্পাদক হিচাপে লৈ ২০খন উপসমিতিৰে ইতিমধ্যে এখন শক্তিশালী ৰাসোৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে। উদযাপন সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে ৰাসোৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাত ব্যস্ত হৈ পৰা দেখা গৈছে। ইপিনে মৃণ্ময় মূৰ্তিসমূহ ৰং-তুলিকাৰে সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলেও। এইবেলি গুৰিহাটী ৰাসোৎসৱৰ ষ্টলসমুহত থাকিব এশটাকৈ আটকধুনীয়া মৃণ্ময় মূৰ্তি। ২০ লক্ষ বাজেটেৰে উদযাপন কৰিবলৈ লোৱা এই ৰাসোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৪ নবেম্বৰত বিয়লিৰ ভাগত ৰাধা-কৃষ্ণৰ প্ৰতিমা লৈ উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব বিধানসভাৰ অধ্যক্ষ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। ইয়াৰ পিছতে প্ৰতিমা স্থাপন কৰিব পুৰোহিত অমূল্য শৰ্মা আৰু পৰিতোষ চৌধুৰীয়ে। নিশাৰ ভাগত আছে সম্বৰ্ধনা অনুষ্ঠান। দ্বিতীয় দিনা পুৱাৰ ভাগত ৰাস উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰে। খৈৰাবাৰীৰ জ্যেষ্ঠ নাগৰিক নৃপেন্দ্ৰ সৰকাৰে মুকলি কৰিব স্মৃতি তৰ্পণ কাৰ্যসূচী । ৰাসোৎসৱৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিচিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়োৱে। প্ৰতিমা দৰ্শনৰ দ্বাৰ উদঘাটন কৰিব বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে। খৈৰাবাৰীবাসী ৰাইজে ব্যাপক উৎসাহ–উদ্দীপনাৰে আয়োজন কৰা ৰাসোৎসৱ উপলক্ষে নাম-কীৰ্তন, ভাগৱত পাঠ, নাগাৰা নাম, সান্ধ্য আৰতি, বাউল সংগীত ইত্যাদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে ৰাসোৎসৱত বৈদ্যুতিক সাজসজ্জাৰে নিৰ্মিত আটকধুনীয়া মৃণ্ময় মূৰ্তিসমূহৰ লগতে আনন্দ মেলা, বাণিজ্য মেলা, চাৰ্কাছ, যাদু খেল, চিত্ৰহাৰ, ড্ৰেগন, মৌত কা কুঁৱা ইত্যাদি উপভোগ কৰাৰো সুযোগ লাভ কৰিব দৰ্শনাৰ্থীসকলে। জনজাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ কেইবাখনো বিপণী থাকিব ৰাসথলীত। ৰাসোৎসৱটি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে চলাই নিয়াত সহায়-সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে ৰাসোৎসৱথলীত জুৱা খেল আৰু সুৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like