নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ সাংবাদিক সন্থা, অসমৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ আয়োজন

🔹 বৈকুণ্ঠনাথ গোস্বামীলৈ ‘জীৱনজোৰা সাধনা বঁটা’

🔹 ‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ উপ-সম্পাদক ৰূপাংকৰ ডেকালৈ ‘শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান’

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : যুৱ শক্তি এক অদম্য শক্তি ৷ যি শক্তিৰ উদ্যোগ আৰু সু-সংগঠিত চিন্তাই দেশমাতৃ আৰু সমাজৰ উত্তৰণত অৰিহণা যোগায় ৷ উন্নয়নৰ সকলো পৰিসৰত যুৱ দক্ষতাৰ অৱদান অপৰিহাৰ্য ৷ ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত বিশেষকৈ যুৱ সাংবাদিকসকলৰ ভূমিকা অতুলনীয় ৷ সাময়িক প্ৰেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু ন্যায্যপ্ৰাপ্তিৰ বিষয়টো অতিকে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷ ৰাজ্যৰ গাঁৱে-ভূঞে সংবাদ ক্ষেত্ৰত সেৱা আগবঢ়োৱা মফচলীয় সাংবাদিকৰ সুৰক্ষা আৰু ন্যায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত ২০১৮ চনতেই আত্মপ্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষসমূহৰ দৰে ২০২৪ বৰ্ষৰ ১০ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান তৰুণ তথা বিজ্ঞ সাংবাদিকক তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে “জীৱনজোৰা সাধনা বঁটা”, “সংবাদ শিৰোমণি” বঁটাকে ধৰি আন কেইবাটাও শিতানত গুৰুত্বপূৰ্ণ সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই উপলক্ষে ২০২৩ বৰ্ষৰ বঁটাপ্ৰাপকসকল ক্ৰমে তৰুণ সাংবাদিক তথা বিশ্লেষক বৈকুণ্ঠনাথ গোস্বামীলৈ এই বৰ্ষৰ “জীৱনজোৰা সাধনা বঁটা”, ”আমাৰ অসম” কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ “সংবাদ শিৰোমণি সন্মান”, বহু বছৰৰ পৰা মফচলীয় সাংবাদিকসকলক দিহা-পৰামৰ্শ তথা সংবাদ ক্ষেত্ৰত নি:স্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাংবাদিকসকলক প্ৰেৰণা যোগাই অহা ”নিয়মীয়া বাৰ্তা” কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ৰূপাংকৰ ডেকালৈ ”শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান”, অসমীয়া প্ৰতিদিনৰ জেষ্ঠ্য সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকলৈ “শ্ৰেষ্ঠ প্ৰিন্ট মিডিয়া সন্মান, ডি ৱাই ৩৬৫ ৰ মৃদুস্মিতা ভূঞালৈ “শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মিডিয়া সন্মান”, প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা জুবি শইকীয়ালৈ “শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান” আৰু ”নিউজ লাইভ”ৰ স্বপ্নশ্ৰী গোস্বামীলৈ “শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান ” আগবঢ়োৱা হব বুলি এক বিবৃতিযোগে যুৱ সাংবাদিক সন্থা ,অসমৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে জানিবলৈ দিয়ে ৷ ৰাজ্যৰ এইসকল জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়োৱা বঁটাসমূহ আগন্তুক বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা যুৱ সাংবাদিক সন্থা, অসমৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like