🔹 খেলপথাৰতে নাচি-বাগি আনন্দত আত্মহাৰা দুৰন্ত তৰুণ ককা-আইতা
বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ঢেকীয়াজুলিত অনুষ্ঠিত ৬ষ্ঠ অসম মাষ্টাৰ্ছ গেমছত ৭০/৭৫ বছৰীয়া ককা-আইতাই অংশগ্ৰহণ কৰি জীৱনৰ ছন্দ ঘূৰাই পাইছে৷ খেলপথাৰতে দুৰন্ত তৰুণ ককা-আইতাই নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰিছে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰি ঘৰুৱা সমস্যাৰ পৰা আঁতৰত থাকি, হতাশা-দুৰ্ভাবনা পাহৰি কেৱল বিভিন্ন খেলত যোগদান কৰি হাঁহি-স্ফূৰ্তিত বিলীন হৈ পৰিছে ৰাজ্যখনৰ ১৮খন জিলাৰ পৰা অহা তিনি শতাধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ৷ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত ৬ষ্ঠ অসম মাষ্টাৰ্ছ গেমছ এছ’চিয়েচন-২০২৫ৰ তত্ত্বাৱধানত স্বাস্থ্য সজাগতা বিষয়ক মূল লক্ষ্য হিচাপে লৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এথলেটিক প্ৰতিযোগিতা। ৰাজ্যখনৰ শোণিতপুৰ, ডিব্ৰুগড়, কাৰ্বি আংলং, তিনিচুকীয়া, নলবাৰী, বৰপেটা, কামৰূপ মেট্ৰ’, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, বজালীকে আদি কৰি মুঠ ১৮খন জিলাৰ পৰা তিনি শতাধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, প্ৰশিক্ষক তথা এছ’চিয়েচনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ মিলনভূমিত পৰিণত কৰিছে ।
প্ৰেৰক কল্পজ্যোতি নাথ