নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন

🔹 আশিকুৰ ৰহমানক সভাপতি, ইৰফান খন্দকাৰক সম্পাদক হিচাপে লৈ ধুবুৰী জিলা সমিতি গঠন

বিশেষ বাৰ্তা, ৩০ জুন : অসমৰ ৪০ হাজাৰ সাংবাদিক, সংবাদ কৰ্মীৰ সুৰক্ষা ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব। সেয়া অৰ্থনৈতিক সুৰক্ষা, সামাজিক সুৰক্ষা আৰু চাকৰিৰ সুৰক্ষা ।- এইদৰে কয় অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই । আজি ধুবুৰী জিলা সাহিত্য সভা প্ৰেক্ষাগৃহত অনুষ্ঠিত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ বাৰ্ষিক অধিৱেশনত অসমত জাতীয়তাবাদ প্ৰতিষ্ঠাত সাংবাদিক আৰু সংবাদ পত্ৰৰ ভূমিকা বিষয়ক আলোচনা-চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শৰ্মাই কয়- অসমৰ সাংবাদিকসকল শোষণ-বঞ্চনাৰ সন্মুখীন হৈছে । আজি অধিকাংশ সাংবাদিকেই অৰ্থনৈতিক সুৰক্ষাৰ পৰা বঞ্চিত হৈছে । চৰকাৰী কোনো জনহিতকৰ আঁচনিৰ পৰা লাভান্বিত হোৱা নাই ৰাজ্যৰ সাংবাদিকসকল । চহৰৰ কথা দূৰৰে, গ্ৰাম্য অঞ্চলৰ বহু সাংবাদিকৰ আৰ্থিক অৱস্থা শোচনীয় বুলি তেওঁ কয় । তেওঁলোক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা আজি বঞ্চিত । সাধাৰণ সম্পাদক শৰ্মাই কয়- আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে সাংবাদিকসকলৰ বাবে বিদ্যুতৰ মাচুল ৫০% ৰেহাই দিয়ক, পানীৰ মাচুল ৰেহাই দিয়ক, ৭০ শতাংশ নম্বৰৰ অধিক পোৱা সন্তানক বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰক । যোৱা বছৰ বন্ধ ৰখা সাংবাদিক পেঞ্চন আঁচনি এইবাৰ পুনৰ মুকলি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাক ধন্যবাদ জনাই এই পেঞ্চনৰ ধন ৮০০০ টকাৰ পৰা ১৫০০০ কৰিবলৈ দাবী জনায় । আশিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ সহকাৰী সম্পাদক চাইদুৰ ৰহমানে  আঁত ধৰা সভাখন উদ্বোধন কৰে অসম বাৰ্তাজীৱী সংঘৰ কোষাধ্যক্ষ নৱনীতা কলিতাই । তেওঁ বক্তব্য আগবঢ়াই  সংবাদ ক্ষেত্ৰখনৰ পৰিৱৰ্তনৰ বিষয়ে কয় । সভাত  ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাস, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কিশোৰ জ্যোতি শৰ্মা, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তী, দৰং জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি প্ৰদীপ ঘোষ, গোৱালপাৰা জিলা  সমিতিৰ সভাপতি ৰবিউল হক, ধুবুৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজীৱ শৰ্মা, জ্যেষ্ঠ সাংবাদিক  প্ৰণৱাশিষ ৰয়ে বক্তব্য আগবঢ়ায় । সভাত সমাজ সেৱিকা ইৰামণি দেৱী, ধুবুৰী বি এন মহাবিদ্যালয়ৰ সহযোগী ড০ শশাংক শৰ্মা আদি উপস্থিত থাকে।  সভাত সাংবাদিকসকলক নিয়মীয়াকৈ দা-দৰমহা দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । আনহাতে, সাংবাদিক পৰিয়ালক আয়ুস্মান কাৰ্ড প্ৰদান, ধুবুৰীত সাংবাদিকসকলৰ বাবে এটি গেষ্ট হাউচ স্হাপনৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত সভাতে সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক বিজয় শৰ্মা, মহেশ চন্দ্ৰ ৰয়, তাৰাকেশ্বৰ পালক সম্বৰ্ধনা জনায় । আনহাতে, পানীমেটেকাৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা ৰীতা দাস আৰু সমাজসেৱক দীপাংকৰ মজুমদাৰকো সম্বৰ্ধনা জনোৱা হয় । আনহাতে যোৱানিশা ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত জিলা সভাপতি আশিকুৰ ৰহমানৰ সভাপতিত্বত বিষয়বাছনি সভা অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কিশোৰজ্যোতি শৰ্মা আৰু ৰাজ্যিক কোষাধ্যক্ষ নৱনীতা কলিতাই পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত পুনৰ আশিকুৰ ৰহমানক সভাপতি, দৈনিক জনমভূমি কাকতৰ  প্ৰণৱাশিস ৰায়ক উপ-সভাপতি, দ্য আছাম ট্ৰিবিউনৰ  ইৰফান খন্দকাৰক সাধাৰণ সম্পাদক আৰু জিতুমণি দাসক সহকাৰী সম্পাদক, ছাইদুৰ ৰহমানক সাংগঠনিক সম্পাদক, মেহতাব উদ্দিনক কোষাধ্যক্ষ, ছহিদুৰ ৰহমানক প্ৰচাৰ সম্পাদক আৰু দেৱান জাহাংগীৰ আলমক কাৰ্যালয় সম্পাদক হিচাপে লৈ ১৫ জনীয়া সমিতি গঠন কৰা হয় ।

You might also like