নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীয়া ব্ৰহ্মপুত্ৰৰ বানৰ কবলত মাজুলীৰ ৮৩খন গাঁও

বিশেষ বাৰ্তা, ১ জুলাই : যোৱা তিনি দিন ধৰি বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হয় থকাৰ পৰিপ্ৰেক্ষিতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাজুলীৰ বান পৰিস্থিত। ধাৰাসাৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনেফোটোকাৰে বাঢ়ি আহিয়েই আছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা পৰিপেক্ষিত আজিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী সংযোগী ঘাটৰ সকলো ধৰণৰ ফেৰী সেৱা বন্ধ কৰি ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। তথ্য অনুসৰি জিলাখনৰ ওপৰেৰে দক্ষিণ বাহিনী নদী আজিৰ দিনটিত মহাবহু ব্ৰহ্মপুত্ৰৰ জলৰাশি ৮৪.৯০ মিটাৰ আৰু উত্তৰ বাহিনী নদী সোৱণশিৰী নদীৰ পানী ৮৫.৪২ মিটাৰ উচ্চতাৰে বিপদ সীমাৰ ওপৰেৰে বৈ আছে। এতিয়ালৈকে জিলাখনৰ ৮৩ খন  প্লাবিত হৈছে আৰু  ৬৪,৩৯৩গৰাকী ব্যক্তি বানৰ দ্বাৰা প্ৰভাম্বিত হৈছে। মুঠ ২০৩১.৬ হেক্টৰ কৃষিভূমি বিস্তৰ ক্ষতি হৈছে ।ইতিমধ্যে জিলা প্ৰশাসনে ৩৪,৮২২গৰাকী আক্ৰান্ত ব্যক্তিৰ বাবে জি আৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৪৮,২০০ পশুধনৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছে আৰু ৬০০টা পশুধন ওখ উদ্ধাৰ কৰি ওখ স্থানলৈ স্থানান্তৰিত কৰিছে। তাৰোপৰি জিলাখনৰ বিভিন্ন বানাক্ৰান্ত আৰু জলবন্দী হৈ থকা ৬০টা পৰিয়ালক উদ্ধাৰ কৰি আনি আশ্ৰয় শিবিৰত ৰাখিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্ৰভাৱিত হৈছে নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ সকলোবোৰ গাওঁ। বহুকেইখন গাঁৱত বানৰ প্ৰকোপ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে প্ৰতি নিয়ত  সস্তম হৈছে  জিলা প্ৰশাসন। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিক ভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলি ৰাখিছে  জিলা প্ৰশাসনে।
প্ৰেৰক জীৱন বৰুৱা
You might also like