আশ্চর্যঃ ৯০ ভোটাৰ থকা হাফলঙৰ বুথত ভোট পৰিল ১৮১টা, পাঁচ নির্বাচনী বিষয়াক নিলম্বন
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ পুনৰ সন্দেহৰ আৱর্তত সোমাই পৰিছে ই ভি এম৷ নির্বাচনী প্রক্রিয়াত ই ভি এম কিমান নিৰাপদ, তাক লৈ দীর্ঘদিনৰ পৰাই চলি আহিছে বিতর্ক৷ শেহতীয়াকৈ বৰাক উপত্যকাৰ কৰিমগঞ্জত এগৰাকী বিজেপি বিধায়কৰ গাড়ীত ই ভি এম উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷ এই চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ অসমৰ পাহাৰীয়া জিলাৰ পৰা আহিছে আন এক ভয়ংকৰ খবৰ৷
ডিমা হাছাও জিলাৰ হাফলং সমষ্টিত যোৱা ১ এপ্রিলত সম্পন্ন হৈ গৈছিল দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ৷ কিন্তু সমষ্টিটোৰ এটা ভোটকেন্দ্রত মুঠ ভোটাৰতকৈ অধিক ভোটদান হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ এই গুৰুতৰ অনিয়ম সংঘটিত হৈছে হাফলং সমষ্টিৰ ১০৭ (এ)নং খটলিৰ প্রাথমিক বিদ্যালয়ত থকা ভোটকেন্দ্রত৷ এই ভোটকেন্দ্রটোত মুঠ ভোটাৰৰ সংখ্যা আছিল ৯১গৰাকী৷ কিন্তু কেন্দ্রটোত দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোট প’ল হয় ১৮১টা৷
হাফলঙত ভোটদানৰ হাৰ আছিল সমাগ্রিকভাৱে ৭৪ শতাংশ৷ খটলিৰ প্রাথমিক বিদ্যালয়ৰ ভোটকেন্দ্রত সংঘটিত এই অনিয়ম ধৰা পৰাৰ পাছতে ডিমা হাছাওৰ উপায়ুক্তই কেন্দ্রটোত ভোটগ্রহণৰ দায়িত্বত থকা ৫গৰাকী নির্বাচনী বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰিছে৷
নিলম্বিত বিষয়াকেইগৰাকী হ’ল– ছেক্টৰ অফিচাৰ চেইখ’চিয়েম লানগুম, প্রিজাইডিং অফিচাৰ প্রহ্লাদ চন্দ্র ৰয়, প্রথম প’লিং বিষয়া পৰমেশ্বৰ চাৰংগচা, দ্বিতীয় প’লিং বিষয়া স্বৰাজকান্তি দাস, তৃতীয় প’লিং বিষয়া লালজমলো থিয়েক৷
এই বিষয়াকেইগৰাকীয়ে জনোৱা মতে, গাঁওখনৰ গাঁওবুঢ়াই নির্বাচন আয়োগৰ ভোটাৰ তালিকাখন মানি ল’বলৈ অস্বীকাৰ কৰিছিল আৰু নিজাববীয়াকৈ প্রস্তুত কৰা ভোটাৰ তালিকা অনুসৰি গাঁওবাসীয়ে ভোটদান কৰিছিল৷ কিন্তু নিৰাপত্তৰক্ষী উপস্থিত থকাৰ পাছতো কিয় নির্বাচনী বিষয়াকেইজনে গাঁওবুঢ়াৰ দাবী মানি ল’লে, তাৰ কোনো প্রত্যয়জনক ব্যাখ্যা তেওঁলোকে দিব পৰা নাই৷
ইপিনে, উক্ত ভোটকেন্দ্রটোৰ বাবে পৃথক স্থানত পুনৰ ভোটগ্রহণৰ নির্দেশ দিছে নির্বাচন আয়োগে৷ উল্লেখ্য যে পথাৰকান্দিত বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ ব্যক্তিগত বাহনত উদ্ধাৰ হৈছিল প্রথম পর্যায়ৰ ভোটগ্রহণত ব্যৱহূত ই ভি এম৷ এই ঘটনাৰ পাছতে নির্বাচন আয়োগৰ ভূমিকাক লৈ দেশজুৰি তীব্র বিতর্ক সৃষ্টি হয়৷ বৰাকৰ ঘটনাৰ বিতর্ক চলি থকাৰ মাজতে এইবাৰ হাফলঙৰ ঘটনাই পুনৰ এবাৰ ই ভি এমক সন্দেহৰ আৱর্তলৈ ঠেলি দিছে৷