নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : বাক্সা জিলাৰ পূব খাগ্ৰাবাৰীত আজিৰে পৰা ৯০সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আৰম্ভ হয়। এই উপলক্ষে ঐতিহ্যমণ্ডিত পূব খাগ্ৰাবাৰী ৰাস ক্ষেত্ৰত আজি পুৱা পতাকা উত্তোলন কৰাৰ পিছত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰঙা ফিতা কাটি ৰাস মহোৎসৱৰ মূল তোৰণ মুকলি কৰে। মন্ত্ৰী ব্ৰহ্মই ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকে আহি একতাৰে কাম কৰি যায় বুলি উল্লেখ কৰি কয়- “ভগৱান কৃষ্ণৰ বাণী আমাৰ সমাজত বিলাব পাৰিলে এখন সুস্থ সমাজ লাভ কৰিব পাৰোঁ। মই বিভিন্ন জনগোষ্ঠীৰ বাসস্থান জালাহত শান্তি শৃংখলা বৃদ্ধি কৰি এখন সুস্থ সমাজ গঢ়ি উঠাৰ বাবে কামনা কৰিলোঁ।” মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাস মহোৎসৱ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰে নিৰ্ধাৰণ কৰা ২৫ হাজাৰ টকাৰ চেক ৰাস উদযাপন কমিটীৰ সভাপতি নৱ কুমাৰ ঠাকুৰীয়াৰ হাতত অৰ্পণ কৰে। বিটিআৰৰ পাৰিষদ মন্টু বড়োৱে ৰঙা ফিতা কাটি কাৰ্যালয় মুকলি কৰাৰ পিছত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰেৰে সমৃদ্ধ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বিশিষ্ট সমাজকৰ্মী প্ৰাণবল্লভ ঠাকুৰীয়াই মুকলি কৰে। ১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত এইবাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰি ৰাধা-কৃষ্ণ প্ৰতিযোগিতা, ধৰ্মীয় আলোচনা, ভাগৱত পাঠ, দিহানাম প্ৰতিযোগিতা, ঢুলীয়া ভাওনা প্ৰদৰ্শনৰ উপৰি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ দিহা কৰিছে উদ্যোক্তাসকলে। তদুপৰি মৃন্ময় মূৰ্তিৰ এক আকৰ্ষণীয় সমাহাৰৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক দিগন্ত দাস