নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯১সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰ : প্ৰতিবছৰৰ দৰে এইবেলিও নগৰবেৰাত ২৫ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ ১৭ দিনীয়াকৈ উছাহ-উদ্দীপনাৰে ৯১ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে | ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ সহযোগত বিস্তৃত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া ৰাস মহোৎসৱক লৈ ৰাস ময়দানত যুদ্ধকালীন তৎপৰতা পৰিলক্ষিত হৈছে | সেইমৰ্মে নগৰবেৰা ৰাস পূজা কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সাধাৰণ সভাত সৰ্বসন্মতি ক্ৰমে বিভূতি ঠাকুৰীয়াক সভাপতি, অমিয় কুমাৰ মেধিক কাৰ্যকৰী সভাপতি, উপ-সভাপতি ক্ৰমে পদ্মলোচন দাস, কুমুদ কলিতা, জীতেন কলিতা, টিকেন্দ্ৰ চন্দ্ৰ দাস, দীনেশ কলিতা, ভুবন চন্দ্ৰ মেধি, কন্দৰ্প কলিতা, গণেশ তালুকদাৰ, কন্দৰ্প দাস, মুখ্য সম্পাদক ৰাতুল মেধি, সম্পাদক মণ্ডলী ক্ৰমে নৱজীত ঠাকুৰীয়া, হেমেন কলিতা, হৰকুমাৰ কলিতা, লাচিত পাঠক, পূৰ্ণ কলিতা, অভিৰাম কলিতা, ৰাজীৱ চৌধুৰী, ৰাজেন কলিতা, চাৰুকৃষ্ণ কলিতা, দীপেন পাঠক, মাণিক কলিতা আদিৰে ৯১ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কমিটী গঠন কৰা হয় ৷ উল্লেখ্য যে এইবেলি ৰাস মহোৎসৱৰ প্ৰতিটো দিনতেই শান্তি-শৃংখলাৰ উপৰি ধৰ্মীয় বাতাৱৰণ বৰ্ত্তাই ৰাখি মহোৎসৱ সফলকাম কৰিবলৈ ৰাইজৰ উপস্থিতি আৰু সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like