সমূহীয়াকৈ খেৰ কাটিলে তিনি সহস্ৰাধিকে, উপস্থিত ইছলাম ধৰ্মাৱলম্বীও
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : হাতত কাঁচি লৈ আজি ওলাই আহিল তিনি হাজাৰৰো অধিক বাপ-বান্ধৱ, আই-মাতৃ। আনকি ইছলাম ধৰ্মাৱলম্বী লোকো। শোণিতপুৰ জিলাৰ ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিৰ অধীনৰ জামুগুৰিহাটত ২০২৬ বৰ্ষত অসমৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। অধিৱেশনৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি চলিছে। অধিৱেশনৰ প্ৰস্তুতিৰ অংশ হিচাপে জামুগুৰিহাটৰ ভৰলীপৰীয়া কণ্যকা বহুমুখী কৃষি পামত পুৱাৰে পৰা সংঘৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত আৰু বিশেষ ব্যৱস্থাপনাত আয়োজন কৰা হয় সমূহীয়া খেৰ কটা উৎসৱ। উৎসৱত পুৱাৰেপৰা জিলা শাখাৰ সভাপতি-সম্পাদকসহ বিষয়ববীয়াসকলৰ তত্বাৱধানত জিলাৰ অধীনৰ চাৰিদুৱাৰ, নাগশংকৰ, বালিপৰা, জামুগুৰি, বিশ্বনাথ, কলিয়াবৰ, ঢেকিয়াজুলি ইত্যাদি বিভিন্ন ঠাইৰ আঞ্চলিক, প্ৰাথমিকৰ তিনি হাজাৰৰো অধিক বাপ, বান্ধৱ, আই-মাতৃ সমৱেত হৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই কন্যকা বহুমুখী পামত অধিৱেশনৰ বাবে সংৰক্ষণ কৰি ৰখা খেৰ হাতে হাতে কাঁচি লৈ কটা পৰিলক্ষিত হয়। সমূহীয়া হজত একাংশ ইছলাম ধৰ্মাৱলম্বী লোকেও ঢেকিয়াজুলিৰ পৰা আহি ধৰ্মনিৰপেক্ষতাৰ বাণী বিলাই খেৰ কটাত কাৰ্যত সংঘক সহযোগ কৰে। সমূহীয়া হজৰ ব্যস্ততাৰ মাজতে মাজে মাজে হৰিনামো পৰিৱেশন কৰি সকলোৱে অনুপ্ৰাণিত কৰে সংঘৰ একাংশ বাপ-বান্ধৱ, আই-মাতৃয়ে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এই খেৰসমূহ অধিৱেশনস্থলীৰ সভাগৃহ, প্ৰতিনিধি শিবিৰ ইত্যাদি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব। খেৰ কটাৰ অন্তত ৰাইজে সমূহীয়াভাৱে আহাৰো গ্ৰহণ কৰে। এনেদৰেই জামুগুৰিহাট সমন্বয়ৰ মাজেদি দ্বিতীয় বৈকু্ন্ঠত পৰিণত হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ধলাইবিলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ’ব।
প্ৰেৰক : প্ৰাঞ্জল পি বৰা আৰু হিৰণ্য বৰা