নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : অসমৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি বিকাশমূলক অগ্ৰণী জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনখন ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ নাহৰবাৰী ক্ষেত্ৰত অনুষ্ঠিত হ’ব। অধিৱেশনৰ প্ৰস্তুতি পৰ্ব ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। অধিৱেশনৰ প্ৰস্তুতিৰ অংশ হিচাপে শোণিতপুৰৰ ঐতিহ্যমণ্ডিত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘ প্ৰেক্ষাগৃহত সংঘৰ চাৰিদুৱাৰ আঞ্চলিক শাখাৰ আহ্বানত এখন বিশাল ৰাজহুৱা সভা বিয়লি ২:০০ বজাৰপৰ অনুষ্ঠিত কৰা হয়। ডাঃ সুনন্দ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে চাৰিদুৱাৰ আঞ্চলিক শাখাৰ সম্পাদক ঘনশ্যাম ভূঞাই। অনুষ্ঠানত ভাষণ প্ৰস্তুতি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মনে কয় যে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ জিলাখনৰ সকলো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষ সহযোগিতা নিতান্তই আৱশ্যক। অধিৱেশনখনৰ সৈতে শোণিতপুৰৰ ঐতিহ্য, গৰিমা জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শৰে অসমৰ শান্তি, সম্প্ৰীতি বজাই ৰাখিবলৈ সৎ প্ৰচেষ্টা কৰি আহিছে। ২০২৬ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অধিৱেশনৰ সৈতে সংগতি ৰাখি এখন গৱেষণামূলক গ্ৰন্থ, চাৰিটা ভাষাৰে সমৃদ্ধ কৰি স্মৃতিগ্ৰন্থ প্ৰকাশৰো পৰিকল্পনা কৰা হৈছে।” সভাখনত ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অশ্বিনী কুমাৰ ডেকা, নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাস, মূলৰ সদস্যা মৌচুমী কাকতি, জিলা সম্পাদক প্ৰদীপ ৰয়, জিলা প্ৰস্তুতি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন, জিলা সদস্য বিপুল বৰা, বিষ্ণু বৰা, ৰাজু শইকীয়া, দুষ্মন্ত বৰা, প্ৰশান্ত হাজৰিকা, গকুল বৰা, আঞ্চলিক প্ৰস্তুতি সমিতিৰ সভাপতি অৰুণ ভূঞা, সম্পাদক নিতুল বৰা, ৰিঞ্জু বৰা, আঞ্চলিক সভাপতি থুলেশ্বৰ শইকীয়া, অসম নেপালী সাহিত্য সভাৰ লোকৰা শাখাৰ সভাপতি পদ্মলাল শৰ্মা, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, অসম সেনাৰ আহ্বায়ক ৰাজনীশ শইকীয়া, বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সম্পাদক উৎপল দাস, চাৰিদুৱাৰ জিলা পৰিষদৰ সদ্যপ্ৰাক্তন সদস্য কৃষ্ণ কোচ, আছু, আক্ৰাছু, এবছু, বালিপৰা চাৰিদুৱাৰ জ্যেষ্ঠ নাগৰিক সন্থা, অসম বৈদিক মহাসংঘ, বণিক সন্থা, সাহিত্য সভা, বিহু শিল্পী সন্থা, চাৰিদুৱাৰ আঞ্চলিক শংকৰ সমাজ, চাৰিদুৱাৰ, বগীজুলিকে আদি কৰি বিভিন্ন গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া, শুভাকাংক্ষী, সাংবাদিক আৰু শতাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত সকলো ৰাইজ, দল-সংগঠনৰ পৰা কেইবাগৰাকীও বিষয়ববীয়া, প্ৰতিনিধিয়ে ভাষণ আগবঢ়াই সংঘৰ কেন্দ্ৰীয় অধিৱেশনখন সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। সভাৰ সভাপতিৰ পৃষ্ঠপোষকতাাত শলাগৰ শৰাই আৰু গুৰু বন্দনাৰে সভাৰ অন্ত পৰে।
প্ৰেৰক প্ৰাঞ্জল বৰা