নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনৰ গ্ৰন্থ ‘কুইজহʼলিক ৫০১’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : নলবাৰী জিলাৰ ঢেকীয়াবাৰী শিৱ মন্দিৰ প্ৰাংগনত এক অনুষ্ঠানত বিভিন্ন বিষয়ক সামৰি নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনৰ সংকলিত “কুইজহ’লিক ৫০১” উন্মোচন কৰে নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই। নলবাৰীৰ বিশিষ্ট ব্যক্তি নৃপেন্দ্ৰ কুমাৰ শৰ্মা, চিত্ৰশিল্পী তথা শিক্ষক প্ৰিয়ম আদিত্য, অৱসপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা, কুইজাৰ বিজিত দাস আৰু সুৰজ আহমেদ আৰু ইউটিউবাৰ গাজিউৰ ৰহমানে অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিত মুখ্য বক্তা ৰূপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰনেতা কুলদীপ গৌতম শৰ্মাই শিক্ষাৰ্থীৰ প্ৰগতিত সমাজে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া উল্লেখ কৰি নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনে কৰা গ্ৰন্থ প্ৰকাশৰ চিন্তাক প্ৰসংশা কৰে। সৰুৰে পৰাই সমাজমুখী চিন্তাক আকোঁৱালি ল’লে সমাজখন বিংশৃখল নহয় বুলি  উল্লেখ কৰি এম আৰ প্লাবিকেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

প্ৰেৰক প্ৰাঞ্জল শৰ্মা

You might also like