নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি ৰূপনগৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

বিশেষ বাৰ্তা,  ২৯ মে’ : যোৱা ২৭ মে’ৰ পৰা সন্ধানহীন হৈ আছে ধেমাজি নগৰৰ ৬নং ৱাৰ্ডৰ ৰূপনগৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ বড়া ৷ সেই দিনা পুৱা বিদ্যালয়লৈ বুলি ওলাই গৈ সৌৰভ ঘূৰি নাহিল ঘৰলৈ ৷ বিগত তিনি দিন ধৰি সন্ধানহীন সৌৰভক বিচাৰি হাহাকাৰ পৰস্হিতিৰ সৃষ্টি হৈছে পিতৃহীন কিশোৰটিক সৰুৰে পৰা লালন-পালন কৰা দদায়েক নিউটন বড়াৰ ঘৰখনত ৷ ঘৰৰ নিচেই কাষতে থকা ধেমাজি ৰূপনাথ ব্ৰক্ষ্ম উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সৌৰভ উক্ত দিনা বিদ্যালয়ত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে নিৰুদ্দিষ্ট সৌৰভক বিচাৰি নাপাই দদায়েক নিউটন বড়াই ধেমাজি সদৰ থানাত দাখিল কৰিছে এক আবেদন ৷ কিশোৰটিৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা ৯৩৬৫২১৭৬৬১ নম্বৰত ফোন কৰি জনাবলৈ অনুৰোধ জনাইছে ৷

 

প্ৰেৰক অতুল কুমাৰ চমুৱা 

You might also like