নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰিৰ উচ্চস্তৰীয় তদন্ত দাবী এবিভিপিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) গোটে প্ৰজ্ঞান ভাৰতী আঁচনি আৰু হোষ্টেলৰ মেছৰ বাবদ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ বিৰুদ্ধে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰি বিষয় দুটাৰ ক্ষেত্ৰত হস্তক্ষেপৰ দাবী জনায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰৰ জড়িয়তে প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে দাবী জনাইছিল। তাৰ পিছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই আচঁনিৰ এক অংশ ধন মুকলি কৰি দিয়ে যদিও সেয়া একেবাৰে নূন্যতম। ইয়াৰ উপৰি শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংঘটিত হোৱা মাৰ্কশ্বীট কেলেংকাৰীৰো এক উচ্চস্তৰীয় তদন্তৰ বাবে বিদ্যাৰ্থী পৰিষদে দাবী জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়াকৈ পোহৰলৈ অহা এই মাৰ্কশ্বীট কেলেংকাৰিয়ে সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ ফলাফল ব্যৱস্থাটোৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

You might also like