নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ কলেজ-বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত এবিভিপিৰ সদস্যতা অভিযান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ আগষ্টঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা অভিযান সমগ্ৰ অসমত ৫ আগষ্টৰ পৰা অহা ৩০ আগষ্টলৈ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে সমগ্ৰ অসমৰ প্ৰায় সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান সমূহত পূৰ্ণ উদ্যমেৰে এই সদস্যতা অভিযান চলি আছে। উল্লেখযোগ্য যে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেদি প্ৰতিবছৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ ভাৰতবৰ্ষত সদস্যতা অভিযান অনুষ্ঠিত কৰি আহিছে। ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে নিৰ্মাণ কৰি ভাৰত মাতৃক বিশ্বৰ ভিতৰতে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ অহৰণ কাম কৰা ছাত্ৰ সংগঠনটোৱেই হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। সদস্যতা অভিযানৰ এই অংশ হিচাপে অসমৰ প্ৰতিখন জিলাৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতেই এই সদস্যতা অভিযান অনুষ্ঠিত হৈ আছে। য’ত ছাত্ৰ সমাজে স্বতঃস্ফূর্ত ভাৱে ওলাই আহি বিশ্বৰ এই সৰ্ব বৃহৎ ছাত্ৰ সংগঠনটিৰ সদস্যতা গ্ৰহণ কৰিছে। আজি বিশেষকৈ অসম বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়, দৰং কলেজ, তেজপুৰ কলেজ, ছিপাঝাৰ কলেজ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, ডি.আৰ. কলেজ, মৰিয়নি মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ কলেজ, লামডিং কলেজ আদিকে ধৰি প্ৰায় বোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটেই সদস্যতা অভিযান অনুষ্ঠিত হয়।

You might also like