নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত এবিভিপিৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ ৰাষ্ট্ৰ প্ৰেম আৰু ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাৰে ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস ৯ জুলাইত এবিভিপি গুৱাহাটী মহানগৰৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচীৰে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত পুৱা ৯ বজাৰ পৰা এদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে যোৱা প্ৰায় এক মাহৰ পৰা প্ৰতিষ্ঠা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে। য’ত এবিভিপিৰ বহুসংখ্যক কাৰ্যকৰ্তা উপস্থিত থকাৰ লগতে বহুসংখ্যক প্ৰাক্তন কাৰ্যকৰ্তাও উপস্থিত থাকে। সন্মানীয় অতিথি হিচাপে অসম গৌৰৱ সন্মানেৰে সন্মানিত অনুপম ডেকা (উদ্যোগী)‌, টুৰিজিম ডাইৰেক্টৰ (IRS) পদ্মপাণি বৰা, এবিভিপিৰ উত্তৰ- পূব ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন, এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন বিশেষভাৱে উপস্থিত থাকিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰ সমিতিয়ে গুৱাহাটী মহানগৰৰ অন্তৰ্গত প্ৰায় ৩৭২খন বিদ্যালয়ৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীক “পদ্মশ্ৰী বিৰুবালা ৰাভা” বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৬ তম্ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ABVP গুৱাহাটী মহানগৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে বিভূষিত স্বনামধন্য বিৰুৱালা ৰাভাৰ স্মৃতিত আমি সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ব্যৱসায়িক তথা নিজৰ ব্যক্তিগত প্ৰতিভাৰ প্ৰচেষ্টাত শতজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱা ৬গৰাকী যুৱ প্ৰজন্ম ক্ৰমে সান্নিধ্য ভূঞা (কন্ঠশিল্পী), ড° অক্ষিতা নাৰায়ন (যুৱ উদ্যোগী)‌, কৌশিক নন্দন বৰুৱা (যুৱ লিখক), প্ৰিজা গোস্বামী (যুৱ শৈক্ষিক পৰামৰ্শ দাতা) ,অবয়ব ভূঞা (ইউটিউবাৰ), কমলিকা কাশ্যপ (যুৱ কন্ঠশিল্পী)ক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

You might also like