নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকপথাৰৰ টঙনা আৰক্ষী থানাত আচামীৰ ৰহস্যজনক মৃত্যু

🔹  উত্তপ্ত পৰিস্থিতি-পথ অৱৰোধ

নিয়মীয়া বাৰ্তা,  ৯ জুন : তিনিচুকীয়া জিলাৰ  টঙনা আৰক্ষী থানাৰ লকআপত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । টঙনা মাজগাঁৱৰ ধনজিৎ মৰাণ নামৰ এজন বাইশ বছৰীয়া যুৱকক শনিবাৰে ছাগলী চোৰৰ সন্দেহত আটক কৰি আনিছিল আৰক্ষীয়ে । আজি পুৱা যুৱকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা কাকপথাৰৰ টঙনা থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।‌ অত্যধিক মাৰপিট কৰাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে । এক নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰা মতে, শনিবাৰে কাছিজান গাঁৱত ছাগলী চোৰৰ সন্দেহত  যুৱকজনক ৰাইজে ধৰি উত্তম-মধ্যম দি গতাই দিছিল টঙনা থানাৰ আৰক্ষীক । কিন্তু আৰক্ষীয়ে যুৱকজনক জিম্মাত লোৱাৰ পাছত প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে ৷ যাৰ ফলত যুৱকজনৰ লকআপৰ ভিতৰতেই মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ ৷ সেয়েহে যুৱকজনৰ ৰহস্যজনক মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে ৷ শেহতীয়াকৈ টঙনা আৰক্ষী থানাৰ চৌহদত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ অৱৰোধ কৰে টঙনা সোণজান গড়কাপ্টানী পথ ৷ ৰাইজৰ দাবী- ঘটনাৰ উচিত তদন্তৰ জৰিয়তে দোষীক উচিত শাস্তি বিহক ।

প্ৰেৰক মনোৰঞ্জন নেওগ

You might also like