🔹 আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি অভিযুক্তৰ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰী কৰ্মচাৰী, বিজেপি নেতা কন্দৰ্প বৰ্মনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ২৩ দিন পিছত অৱশেষত বেলশৰ আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে নৃশংস হত্যাকাণ্ডটিৰ আঁৰৰ তথ্য এতিয়া পোহৰলৈ আহিবলৈ লৈছে। প্ৰাপ্ত তথ্য মতে, বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মাই চাঞ্চল্যকৰ গোচৰটিৰ তদন্তৰ দায়িত্ব লৈ তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ মাজতে বুধবাৰে নিশা জিলাখনৰ বালিজাৰৰ চাইফুদ্দিন আহমেদ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কালি নলবাৰী আদালতত হাজিৰ কৰাত আদালতে অভিযুক্তক ছয় দিনৰ আৰক্ষী জিম্মাত দিয়াত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ চাইফুদ্দিনে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। চাকৰি, বদলি, নিয়মীয়াকৰণ সংক্ৰান্তীয় বিষয়ত ধনৰ লেনদেনৰ বাবেই বিজেপি নেতা কন্দৰ্প বৰ্মন হত্যাৰ বলি হ’ব লগা হোৱা বুলি তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে যোৱা ৪ আগষ্টৰ পুৱাৰে পৰা ৰহস্যজনকভাৱে জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত শুকেকুছি গাঁৱৰ কন্দৰ্প বৰ্মন নিৰুদ্দেশ হয় আৰু পৰৱৰ্তী সময়ত ৬ আগষ্টৰ নিচেই পুৱাতেই জিলাখনৰ টিহু থানাৰ অন্তৰ্গত গোৱৰাদলৰ মৰা পাগলদিয়া নৈৰ পাৰৰ ঘন জংঘলৰ মাজত মৃতদেহ উদ্ধাৰ হৈছিল। অৱশ্যে ইয়াৰ আগদিনা অৰ্থাৎ ৫ আগষ্টৰ পুৱা গোৱৰাদলতেই নৈখনৰ বিপৰীত পাৰত বৰ্মনৰ ৱাগনাৰ বাহন আৰু চেন্দেলযোৰ উদ্ধাৰ হৈছিল। শোলমাৰা অঞ্চলৰ স্থানীয় সমাজকৰ্মী, শোলমাৰা বজাৰ পৰিচালনা সমিতি, ক্ষেত্ৰী ধৰ্মপুৰ বহুমুখী সমবায় সমিতিৰ সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে জড়িত কন্দৰ্প বৰ্মনে অগপ চৰকাৰৰ আমোলৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈকে ধৰ্মপুৰৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ছত্ৰছায়াত থাকি সক্ৰিয় ৰাজনীতিত জড়িত হৈ বৃহত্তৰ শোলমাৰা অঞ্চলটোত ৰাজনৈতিকভাৱে প্ৰভাৱশালী হৈ পৰিছিল।ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱা সূত্ৰে কন্দৰ্প বৰ্মনে বিভিন্নজনক চাকৰি দিয়া, চাকৰি নিয়মীয়াকৰণ, বদলি কৰা আদিৰ নামত ধনৰ লেনদেন কৰি অহাৰ দীৰ্ঘদিনীয়া এক অভিযোগ উত্থাপন হৈ আহিছে। ধনৰ লেনদেনৰ বাবেই হত্যাৰ বলি হোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে।এনে চৰ্চিত ঘটনাৰ মাজতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চাইফুদ্দিনৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে তাৰেই ইংগিত দিছে। কেইবাটাও দিশৰ পৰা উক্ত হত্যাকাণ্ডৰ স’তে চাইফুদ্দিন জড়িত থকাৰ তথ্য লাভ কৰিছিল বেলশৰ আৰক্ষীয়ে। ইতিমধ্যে,বেলশৰ আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২/১২০ (বি)ৰ অধীনত ২০১/২৩ নম্বৰত গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু অচিৰেই হত্যাকাণ্ডৰ অপৰাধী চক্ৰটোৰ বাকীকেইটাও গ্ৰেপ্তাৰ হ’ব বুলি দাবী কৰিছে।
প্ৰেৰক অৰূপ বৰ্মন