নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তক পলুৱাই নিলে এদল উত্তেজিত লোকে

🔹 কাছাৰৰ কাটিগড়াত গিয়াছ উদ্দিনক আটক কৰাৰ সময়তে অঘটন

নিয়মীয়া বার্তা, ১ ছেপ্টেম্বৰ : আৰক্ষীৰ জিম্মাৰ পৰা এগৰাকী অভিযুক্তক পলুৱাই লৈ গ’ল এদল উত্তেজিত লোকে । চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ আমতলা বজাৰত । জানিব পৰা মতে, কালি আবেলি আৰ্থিক প্ৰতাৰণা সংক্ৰান্তীয় এক মামলাৰ তদন্ত কৰিবলৈ কাটিগড়া আৰক্ষী চকীৰ ASI উত্তম সিনহাৰ নেতৃত্বত এদল আৰক্ষী গৈছিল ভাৰত-বাংলাদেশ সীমান্তৰ আমতলাত ৷ আৰক্ষীৰ দল আমতলা বজাৰত উপস্থিত হোৱাৰ পাছত মূল অভিযুক্ত গিয়াছ উদ্দিন নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে লোকজনক আটক কৰি গাড়ীত তোলাৰ সময়ত ঘটে অঘটন। সেই সময়ত অভিযুক্তৰ দুই ভাতৃসহ উপস্থিত একাংশ লোক হঠাৎ উত্তেজিত হৈ পৰে৷ আৰু আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত গিয়াছ উদ্দিনক জোৰজবৰদস্তি উত্তেজিত লোকসকলে পলুৱাই লৈ যায় । ইয়াৰ পাছতে আৰক্ষীৰ সন্মুখত একপ্ৰকাৰ তাণ্ডৱ আৰম্ভ কৰে অভিযুক্ত গিয়াছ উদ্দিনৰ পক্ষৰ লোকসকলে । আৰক্ষীৰ লগত যোৱা কাউচৰ উদ্দিন নামৰ অভিযোগকাৰী লোকজনক আক্ৰমণ কৰাৰ চেষ্টা চলায় গিয়াছ উদ্দিনৰ পক্ষৰ লোকসকলে । পিছে পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে অভিযোগকাৰী কাউচৰক লগত লৈ বাধ্য হৈ সেই স্থান ত্যাগ কৰিব লগা হয় আৰক্ষীয়ে। ইপিনে, অভিযুক্ত গিয়াছ উদ্দিনৰ পক্ষৰ লোকসকলে অভিযোগকাৰীক নাপাই অভিযোগকাৰী কাউচৰৰ ভাতৃক মাৰপিট কৰে। আনহাতে, এই সমগ্ৰ ঘটনা নিজে স্বীকাৰ কৰিছে তদন্ত যোৱা কাটিগড়া আৰক্ষী চকীৰ ASI উত্তম সিনহাই। তেওঁ কয়- কালাইন লক্ষীপুৰৰ বাসিন্দা কাউচৰ উদ্দিনে ভাৰত-বাংলাদেশ সীমান্তৰ চণ্ডীনগৰ গাঁৱৰ গিয়াছ উদ্দিনৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি কাটিগড়া আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল ৷ গোচৰৰ তদন্তত গৈ আৰক্ষীয়ে যেতিয়া অভিযুক্ত লোকজনক আটক কৰে, তেতিয়া একাংশ লোকে উত্তেজিত হৈ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তক পলুৱাই লৈ যায় বুলি জনায় আৰক্ষী বিষয়াজনে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like