নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : জনতা ভৱনত নতুনকৈ স্থাপন কৰা হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা। নতুনকৈ নিৰ্মাণ কৰা অট্টালিকালৈ স্থানান্তৰ কৰা হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। আজি পুৱা নতুন কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ১৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন কাৰ্যালয়। হোম-যজ্ঞ, পূজা-অৰ্চনাৰ অন্তত নতুন কাৰ্যালয়ত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। জনতা ভৱনৰ চি ব্লকৰ সমীপত নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়টো। পাঁচ মহলীয়া আটকধুনীয়া ব্লকত থাকিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। একেটা ব্লকত সংলগ্ন হৈ থাকিব মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যালয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থাকিব আটকধুনীয়া অতিথিশালা, সভাগৃহ। মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়ৰ গৃহ প্ৰৱেশ উপলক্ষে সজাই-পৰাই তোলা হয় নতুন ব্লকটো। এই ভৱনটোত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্য সচিবৰ কাৰ্যালয় থাকিব। এই ভৱনটো ‘লোকসেৱা ভৱন’ নামেৰে নামাংকিত কৰা হয়।

You might also like