অপৰাধী যি ধৰ্মৰে নহওক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হব লাগে প্ৰশাসন
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ অপৰাধীৰ কোনো জাতি নাই, অপৰাধীৰ কোনো ধৰ্ম নাই। অপৰাধী যি ধৰ্মৰে নহওক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হব লাগে প্ৰশাসন। কিন্তু প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা৷ ৰাজ্যত অভাবনীয়ভাবে বৃদ্ধি পোৱা অপৰাধমুলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষী। সম্পূৰ্ণভাবে বিফল হৈছে৷ আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৰাজ্যত হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, অপহৰনৰ দৰে জঘন্য কাণ্ড ক্ৰমাত বৃদ্ধি পাইছে।” এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাত সাংবাদিকৰে হোৱা কথা বতৰাত বিধায়ক শিকদাৰে কয় যে আৰক্ষী কেৱল মুখত কঠোৰ হ’লে ন’হব, কামত কঠোৰ হ’ব লাগিব। ধিং কাণ্ডৰ লগত জড়িতসকলক ৰাজহুৱা ফাচীৰ দাবী কৰি শিকদাৰে কয় যে ধৰ্ষণ কাণ্ডৰ বিচাৰ তাৎক্ষনিকভাৱে হ’ব লাগে আৰু ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ধৰ্ষণকাৰীক ৰাজহুৱা ফাঁচি দিয়াৰ ব্যৱস্থা কৰিলেহে ৰাজ্যত ধৰ্ষণৰ দৰে জঘন্য কাণ্ড হ্ৰাস পাব বুলি মন্তব্য কৰি তেওঁ কয় যে অপৰাধ ৰোধ কৰিবলৈ হ’লে নিচামুক্ত হব লাগিব ৰাজ্য৷ আমি এখন নিচামুক্ত অসম বিচাৰো বুলি মন্তব্য কৰি তেওঁ কিন্তু ৰাজ্যত কেতিয়ালৈ ড্ৰাগচ্, ভাং, মদৰ বেহা বন্ধ হব বুলি প্ৰশ্নৰ অৱতাৰণা কৰি তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে৷ ৰাজ্যখনলৈ ড্ৰাগছ আহে ক’ৰ পৰা আৰু অসম আৰক্ষীয়ে কিয় সেই উৎস লাভ নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷
প্ৰেৰক কল্যাণ কলিতা