নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীৰ বিহত বিষাক্ত গুৱাহাটীসহ ৰাজ্যৰ বায়ুমণ্ডল

🔹 নির্দেশনা ভংগৰে ওৰেনিশা ফুটিল ফটকা–আতচবাজী

🔹 প্রদূষিত দিল্লীত ভয়ংকৰ পৰিস্থিতি, ধোঁৱাই ছানি ধৰিছে ৰাজধানীৰ আকাশ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰ : বনাঞ্চল হ্রাস, উদ্যোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত বিশ্বৰ আন অঞ্চলৰ সমান্তৰালকৈ অসমতো পৰিৱেশ প্রদূষিত হৈ আহিছে৷ এনে প্রদূষণ ৰোধ কৰিবলৈ কেতবোৰ পদক্ষেপ গ্রহণৰ পোষকতা কৰি আহিছে বিশেষজ্ঞসকলে৷ বিশেষকৈ দীপাৱলী উদযাপনৰ সময়ত হোৱা প্রদূষণক লৈ সতর্ক হ’বলৈ সকলোৱে আহ্বান জনাই আহিছে৷ ফটকা–আতচবাজীৰে পৰিৱেশ প্রদূষণ কৰাৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপন কৰিবলৈ জনোৱা আহ্বান দীর্ঘদিনীয়া৷ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়েও প্রদূষণমুক্ত বাতাৱৰণ সৃষ্টি কৰাৰ বাবে দীপাৱলীৰ সময়ত ফটকা–আতচবাজী ফুটোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্তু দীপাৱলীৰ প্রথম নিশাই সকলো আহ্বান–নিষেধাজ্ঞা উলংঘা কৰি ৰাজ্যৰ ভিন্ন প্রান্তত ওৰেনিশা ফটকা–আতচবাজী ফুটোৱা পৰিলক্ষিত হয়৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ফটকা–আতচবাজী ফুটোৱাৰ পৰিমাণ আছিল সর্বাধিক৷ অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু মহানগৰ আৰক্ষী প্রশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও দীপাৱলীৰ প্রথম নিশা সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিল৷ সন্ধিয়াৰ পৰাই আকাশ ছানি ধৰিলে ফটকা–আতচবাজীৰ ধোঁৱাই৷ একপ্রকাৰ বিহেৰে গুৱাহাটীৰ আকাশমণ্ডল বিষাক্ত হৈ পৰে৷ এই কথা নিশ্চিত কৰিছে অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ মনিটৰিং ষ্টেচনসমূহে৷ দেওবাৰে নিশা আৰু কালি দিনৰ ভাগত গুৱাহাটীৰ বায়ুমণ্ডলৰ মান নিম্নগামী হয়৷ হঠাৎ গুৱাহাটীৰ এয়াৰ কোৱালিটী ইনডেক্স (একিউআই) বৃদ্ধি পাইছে৷ শেহতীয়া তথ্য অনুসৰি গুৱাহাটীৰ চাৰিওটা মনিটৰিং ষ্টেচনতে একিউআইৰ পৰিমাণে ২০০ৰ ঘৰ অতিক্রম কৰিছে৷ পৰিসংখ্যা অনুসৰি ৰে’লৱে কলনী মনিটৰিং ষ্টেচনত ৰেকর্ড হোৱা একিউআইৰ পৰিমাণ হৈছে ২৫৪৷ সেইদৰে পাণবজাৰত ২৩৯, গুৱাহাটী বিমানবন্দৰত ২২৮ আৰু আইআইটি গুৱাহাটী ষ্টেচনত ২০৭ একিউআই লিপিবদ্ধ হৈছে৷ এই পৰিমাণে বায়ুৰ গুণাগুণ শোচনীয় বুলি সূচায়৷ কেৱল গুৱাহাটীৰেই নহয়, ৰাজ্যৰ আন প্রান্তৰ মনিটৰিং ষ্টেচনসমূহতো একিউআই বৃদ্ধি পাইছে৷ সেই অনুসৰি বর্ণিহাটত থকা চেণ্ড্রেল একাডেমী মনিটৰিং ষ্টেচনৰ একিউআইৰ পৰিমাণ হৈছে ৩০১৷ অর্থাৎ এই অঞ্চলটোৰ বায়ুৰ গুণাগুণ অত্যন্ত শোচনীয়৷ আনহাতে, নলবাৰীৰ বাটা চ’কত ২২০, নগাঁৱৰ খ্রীষ্টানপট্টিত ১৯৬ একিউআই ৰেকর্ড হৈছে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয় আৰু প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ নিষেধাজ্ঞা অনুসৰি গুৱাহাটী মহানগৰ আৰক্ষী প্রশাসনে কেৱল সেউজ ফটকা বিক্রী আৰু ফুটোৱাৰহে অনুমতি প্রদান কৰিছিল৷ ইয়াৰ বাবে সময়ো নির্ধাৰণ কৰা হৈছিল৷ নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত কেৱল সেউজ ফটকা ফুটাবলৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে নির্দেশ দিছিল৷ কিন্তু গুৱাহাটীত নিশা ১০ বজাৰ পাছতো দেওবাৰে বহু স্থানত ফটকা–আতচবাজী ফুটোৱা পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে আৰক্ষী প্রশাসনৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি গুৱাহাটী মহানগৰীৰ বজাৰ সেউজ ফটকাৰ পৰিৱর্তে চীনৰ আতচবাজী আৰু ফটকাৰে ভৰি পৰে৷ চীনৰ পৰা অহা এই ফটকা আৰু আতচবাজীসমূহৰ পৰা নির্গত ধোঁৱা আৰু আন ৰাসায়নিক পদার্থৰ বাবে বায়ুমণ্ডলৰ গুণাগুণ ক্ষিপ্রতাৰে হ্রাস পায়৷ এনে ফটকাৰ অবাধ ব্যৱহাৰে মহানগৰীৰ বায়ুণ্ডল বিষাক্ত কৰি তোলে৷ যাৰ ফলত মহানগৰবাসীৰ মাজত শ্বাস–প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷ আনহাতে, দেশৰ ৰাজধানী দিল্লীৰ বায়ুমণ্ডলো দীপাৱলীৰ প্রথমনিশাই বিষাক্ত হৈ পৰে৷ বিগত কেইবাদিন ধৰি অত্যধিক মাত্রাত প্রদূষিত হোৱা দিল্লীৰ পৰিৱেশ দীপাৱলীৰ সময়ত ফুটোৱা ফটকা আৰু আতচবাজীয়ে অধিক অৱনমিত কৰে৷ পৰহি নিশা ফটকা আৰু আতচবাজীৰ ধোঁৱাৰে দিল্লীৰ আকাশ–বতাহ ছানি ধৰে৷ নিশা ব্যাপক মাত্রাত ফুটোৱা ফটকা আৰু আতচবাজীৰ ধোঁৱাই কালি পুৱা পর্যন্ত সমগ্র দিল্লী আৱৰি ধৰি থকা পৰিলক্ষিত হয়৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি দেওবাৰে দিল্লীৰ একিউআই আছিল ২১৮৷ কিন্তু সন্ধিয়া হোৱাৰ লগে লগে দিল্লীৰ একিউআইৰ মাত্রা বাঢ়িবলৈ ধৰে৷ পৰিসংখ্যা অনুসৰি দেওবাৰে নিশা দিল্লীৰ একিউআইৰ মাত্রা কোনো অঞ্চলত ৯০০ৰ ঘৰ অতিক্রম কৰে৷ মেজৰ ধ্যানচান্দ ৰাষ্ট্রীয় ষ্টেডিয়াম সংলগ্ণ অঞ্চলসমূহত একিউআইৰ মাত্রা আছিল ৯৯৯৷ সমান্তৰালভাৱে আনন্দবিহাৰ অঞ্চলত একিউআইৰ মাত্রা আছিল ৮৪৯৷ দিল্লীত দীপাৱলীৰ সময়ত হোৱা এনে প্রদূষণক লৈ পৰিৱেশবিদসকল উদ্বিগ্ণ হৈ পৰিছে৷ তেওঁলোকে অভিযোগ কৰা অনুসৰি বহু অঞ্চলত ন্যায়ালয়ৰ নির্দেশ অমান্য কৰাৰ বিষয়ে আৰক্ষী তথা প্রশাসনৰ দৃষ্টি আকর্ষণ কৰা হৈছিল৷ কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ এনে পৰিৱেশ বিৰাজ কৰি থাকিলে দিল্লীৰ ভৱিষ্যৎ কি হ’ব তাক লৈ পৰিৱেশবিদসকলে শংকা প্রকাশ কৰিছে৷

You might also like