নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত ধুবুৰী–নগাঁও–কৰিমগঞ্জত প্রার্থী দিব এআইইউডিএফে

🔹 ‘ইণ্ডিয়া’ক সমর্থন আজমলৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : আসন্ন লোকসভা নির্বাচনত ‘ইণ্ডিয়া’ জোঁটবন্ধনক সমর্থন দিব এআইইউডিএফ দলে৷ আজি দিছপুৰত এই ঘোষণা এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ উল্লেখ্য যে এআইইউডিএফৰ সভাপতি আজমলে আজি অসম বিধানসভাৰ নতুন ভৱন দর্শন কৰাৰ লগতে অধ্যক্ষৰ বীথিকাত বহি সদনৰ কার্যক্রমণিকা প্রত্যক্ষ কৰে৷ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত আজমলে কয় যে অসম প্রদেশ কংগ্রেছ কমিটীৰ লগত এআইইউডিএফৰ বুজাবুজি নাই যদিও কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ লগত ভাল সম্পর্ক আছে৷ যোৱা ১৮ বছৰ ধৰি তেওঁ ইউপিএৰ লগত আছে৷ তেওঁ আৰু কয় যে শাৰদ পাৱাৰ, নীতিশ কুমাৰক সাক্ষাৎ কৰি এআইইউডিএফ দলে ‘ইণ্ডিয়া’ জোঁটবন্ধনক সমর্থন কৰাৰ বিষয়ে প্রকাশ কৰিছে৷ তেওঁলোকক ‘ইণ্ডিয়া’ই লয় নলয় সেয়া তেওঁলোকৰ কথা৷ কিন্তু আসন্ন লোকসভা নির্বাচনত এআইইউডিএফে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত প্রার্থী দিব আৰু জয়লাভ কৰি আহিব বুলি আশাবাদী৷ তিনিওখন আসনত জয়লাভ কৰি অহাৰ পাছত কেন্দ্রত চৰকাৰ গঠনৰ সময়ত তেওঁলোকে ‘ইণ্ডিয়া’কে সমর্থন আগবঢ়াব আৰু তেতিয়া এআইইউডিএফৰ ওজন বহুত বাঢ়িব৷ তেওঁ আৰু কয় যে এআইইউডিএফে পাঁচখন আসনত প্রার্থী দিব পাৰে৷ কিন্তু পূর্বতে যিহেতু তিনিখন আসনত জয়ী হৈছিল, সেয়ে এইবাৰো তিনিখন আসনতে প্রার্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে৷ ইপিনে, আজি বিধানসভাৰ কার্যক্রমণিকা প্রত্যক্ষ কৰাৰ পাছত আজমলে বিধানসভা ভৱনত মুখ্যমন্ত্রীৰ কার্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে আৰু কেইবাটাও বিষয়ত বার্তালাপ কৰে৷ ধুবুৰী বি এন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে দাবী জনোৱাৰ লগতে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ মাজত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনায়৷ সেইদৰে গুৱাহাটী বিমানবন্দৰৰ কাষত এটা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ হজ ভৱন নির্মাণ আৰু সমগ্র অসমত উচ্ছেদিতসকলক পুনৰ সংস্থাপন দাবী জনায়৷ ইয়াৰ উপৰি দক্ষিণ শালমাৰা, মানকাচৰ, জলেশ্বৰৰ গৰাখহনীয়া ৰোধৰ বাবেও পুঁজি মোকলাই দিবলৈ দাবী জনায়৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই ইতিবাচক সঁহাৰি জনাইছে বুলি আজমলে ব্যক্ত কৰে৷ মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত দলৰ কার্যকৰী সভাপতি তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল, বিধায়ক কৰিমুদ্দিন বৰভূঞা, আমিনুল ইছলাম (কনিষ্ঠ), ড০ ৰফিকুল ইছলাম, সুজামুদ্দিন লস্কৰ, দলৰ সাধাৰণ সম্পাদক হাইদৰ হুছেইন বৰা আদিও উপস্থিত থাকে৷

You might also like