নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা

🔹 দেশ–বিদেশৰ সাধু–সন্ন্যাসী, ভক্ত–দর্শনার্থীৰে ভৰিছে নীলাচল পাহাৰ

বিশেষ বাৰ্তা, ২২ জুন : আজিৰ পৰা নীলাচলৰ কামাখ্যাধামত অম্বুবাচী মেলা৷ অহা ২৬ জুনলৈ চলিবলগীয়া এই অম্বুবাচী মেলা সন্দর্ভত ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি লাখ লাখ ভক্ত–দর্শনার্থীক আদৰিবলৈ সাজু৷ কামাখ্যাধাম পৰিচালনা সমিতিৰ সহযোগত এক সংবাদ মেল সম্বোধন কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী মেলা সন্দর্ভত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ সংবাদ মেলত মন্ত্রী বৰুৱাই সদৰী কৰা অনুসৰি অম্বুবাচী মেলাৰ সময়ছোৱাত এইবাৰ কোনো লোকৰ বাবে ভিআইপি পাছৰ ব্যৱস্থা কৰা হোৱা নাই৷ প্রতিজন ভক্ত–দর্শনার্থীৰ দৰেই ভিআইপি লোকসকলে কামাখ্যা মন্দিৰ দর্শন কৰিব পাৰিব৷ কামাখ্যা ধামলৈ যোৱা মূল পথ নিশা ৮ বজা আৰু পাণ্ডু পথৰ পৰা কামাখ্যা পাহাৰলৈ যোৱা পথ নিশা ৯ বজাৰ পৰা বন্ধ থাকিব৷ কামাখ্যা মন্দিৰলৈ যোৱা মূল পথত যান–বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে৷ এম্বুলেঞ্চ আৰু জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো বাহন কামাখ্যাৰ মূল পথত চলাচল কৰিব নোৱাৰিব৷ ইপিনে, দর্শনার্থীসকলক খাদ্য আৰু পানী বিতৰণৰ ক্ষেত্রত স্বেচ্ছাসেৱী সংগঠনসমূহে প্রশাসনৰ নির্দেশনা মানি চলিব লাগিব৷ দর্শনার্থীৰ বাবে কামাখ্যা ৰে’লৱে ষ্টেচন, পাণ্ডু বন্দৰ, নাহৰবাৰী আৰু বংশী বাগানত শিবিৰৰ ব্যৱস্থা কৰা হৈছে৷ ৰে’লৱে ষ্টেচনৰ শিবিৰত ৫,০০০, নাহৰবাৰী শিবিৰত ১,০০০ পাণ্ডু বন্দৰ শিবিৰত ১৫,০০০ ভক্তৰ থকা–খোৱাৰ সুবিধা কৰা হৈছে৷ জিএমচিক অম্বুবাচী মেলাৰ সময়ছোৱাত ষ্ট্রীট লাইট চোৱাচিতাৰ দায়িত্ব অর্পণ কৰাৰ লগতে অম্বুবাচী মেলাৰ সময়ছোৱাত নিয়মীয়াকৈ পোহৰৰ ব্যৱস্থা কৰিব বুলি তেওঁ উল্লেখ কৰে৷ তদুপৰি মন্দিৰৰ চৌপাশে পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্রত জিএমচিয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷ আনহাতে, অম্বুবাচী মেলাত বায়’ টইলেট, স্নানাগাৰ আদিৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইপিনে অম্বুবাচী মেলাৰ সময়ছোৱাত নির্দিষ্ট স্থানত বেৰিকেডৰ ব্যৱস্থা কৰাৰ লগতে নির্দিষ্ট পথত কার্পেটৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা কৰা হৈছে৷ মালিগাঁৱৰ নীলাচল উৰণ সেতু আৰু পাণ্ডু ৰোড হৈ মন্দিৰলৈ যোৱা ভক্তসকলে ক্রমে নীলাচল উৰণ সেতুৰ তলত আৰু বংশীবাগানত অস্থায়ীভাৱে নির্মাণ কৰা কাউণ্টাৰত নিজৰ জোতা–চেণ্ডেল ৰাখি মন্দিৰলৈ যোৱাৰ বাবে আহ্বান জনাইছে৷ কামাখ্যাধামত পথৰ দুয়োকাষে স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, এপিডিচিএল আৰু লোকনির্মাণ (ই) বিভাগক মেলাৰ সময়ছোৱাত যাতে বিদ্যুৎ যোগান ব্যাহত নহয়, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ উল্লেখ্য যে এইবাৰ কামাখ্যাধামত ২৫–৩০ লাখ দর্শনার্থীৰ সমাগম হোৱাৰ সম্ভাৱনা আছে আৰু এইবাৰ অম্বুবাচী মেলাৰ বাবে ৫ কোটি টকাৰ বাজেট ধার্য কৰা হৈছে৷ অম্বুবাচীৰ সময়ছোৱাত সমগ্র নীলাচল পাহাৰতে চিচি টিভি কেমেৰা সংলগ্ণ কৰা হৈছে৷

You might also like