নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনাতলী বৰনামঘৰত বাৰ্ষিক বৰসবাহ মহোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা ১৩ জুন : অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান খুমটাই সমষ্টিৰ ঐতিহাসিক চিনাতলী বৰ নামঘৰত পৰম্পৰাগত বাৰ্ষিক বৰসবাহ মহোৎসৱ‌ৰ সফল সামৰণি পৰে। যোৱা ৭ জুনৰ পৰা আৰম্ভ হোৱা বৰসবাহ মহোৎসৱৰ কাৰ্যসূচী ১০ জুনত সফলতাৰে সামৰণি পৰে। ৭৫০ ঘৰ গৃহস্থৰ অংশীদাৰ থকা দুশ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰৰ পানীতোলা বৰসবাহ মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দহ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ সমাগম হয়। ৭ জুনত পুৱা নামঘৰৰ মূল পতাকা উত্তোলন কৰে চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ সভাপতি ৰেৱকান্ত শইকীয়াই আৰু ৬০টা বংশৰ পতাকা বংশৰ প্ৰতিনিধিয়ে উত্তোলন কৰি বৰসবাহ মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই বৃহত্তৰ চিনাতলী গাঁৱৰ পূৱ দিশত পানীতোলা কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ ৭ জুনৰ দিনা বৰসবাহ মহোৎসৱৰ পানীতোলা কাৰ্যসূচীত গাঁওখনৰ বংশ ভিত্তিত অংশীদাৰ ৰাইজৰ মাজত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিনাতলী গাঁৱৰ ৬০টা বংশই অংশগ্ৰহণ কৰা পানীতোলা শোভাযাত্ৰা প্ৰতিযোগিতাত প্ৰথমে গজৰাজেৰে আৰম্ভ কৰি গায়ন বায়ন,ভাওনা,চহা কৃষক,মহিলাৰ আই নাম, বিহুনাম , নাগাৰা নাম আদি বিভিন্ন বিষয় অতি সাৱলীলভাৱে উপস্থাপন কৰিলে চিনাতলী গাঁৱৰ লোকসকলে। উল্লেখযোগ্য যে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পুৰণি এম্বেছেদৰ লৈ শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিলে। বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে ৰাইজক। ধৰ্মীয় পানীতোলা শোভাযাত্ৰাক গাঁওখনৰ ৰাইজে পথতে ঠায়ে ঠায়ে আদৰি সেৱা লোৱা পৰিলক্ষিত হ’ল। আনহাতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি স্থান লাভ কৰা তেৰটাকৈ শ্ৰেষ্ঠদলক বৰসবাহ উদযাপন সমিতিয়ে পুৰস্কাৰ প্ৰদান কৰে। বৰসবাহ মহোৎসৱৰ প্ৰথম দিনাৰে পৰা দেউৰী সকলে প্ৰায় দুই লক্ষাধিক পকা মিঠৈ প্ৰস্তুত কৰি ভক্তপ্ৰাণ ৰাইজক মূল বৰসবাহৰ দিনা বিতৰণ কৰে। উল্লেখযোগ্য যে যোৱা ৯ জুন দেওবাৰে অনুষ্ঠিত হোৱা বৰসবাহৰ মূল কাৰ্যসূচীত পুৱা উষা কীৰ্তন,শৰাই অৰ্চনৰ পিছতে খোল প্ৰসংগ,নাম প্ৰসংগ, দিহানাম, হিয়ানাম, গায়ন বায়ন পৰিবেশন কৰা হয়। সেইদিনা নামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দহ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিলে৷ প্ৰায় ২০ কুইণ্টলৰ মাহ প্ৰসাদ, ১৫ মোন ম’হৰ গাখীৰৰ দৈৰ লগতে প্ৰসাদ আৰু জলপানৰ সকলো উপকৰনেৰে ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰা হয়। ইয়াৰোপৰি বৰসবাহ মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ ১০ জুনত গাঁৱৰ যুৱক সকলৰ দ্বাৰা “গৰুড়ৰ অমৃত হৰণ, বিনতাৰ দাসত্ব মোচন” শীৰ্ষক মহাপুৰুষীয়া নাট মঞ্চস্থ কৰা হয়। চাৰিদিনীয়া কাৰ্যসূচীত সহায়-সহযোগ আগবঢ়োৱা প্ৰতিগৰাকী লোকলৈ চিনাতলী বৰনামঘৰৰ সমাজ পৰিষদৰ লগতে বৰসবাহ উদযাপন সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

প্ৰেৰক নবীন গোহাঁই

You might also like