নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক চিনাতলী বৰনামঘৰত বাৰ্ষিক বৰসবাহ মহোৎসৱৰ আয়োজন

নিয়মীয়া বাৰ্তা, ৪ জুন  : অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নামঘৰসমূহত জেঠ মাহত আয়োজন কৰা হয় আধ্যাত্মিক অনুষ্ঠান বৰসবাহ।  অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ঐতিহাসিক চিনাতলী বৰনামঘৰতো পৰম্পৰাগত বাৰ্ষিক বৰসবাহ মহোৎসৱ‌ আয়োজনৰ বাবে গাঁৱৰ ৰাইজে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । আগন্তুক ৭, ৮, ৯ আৰু ১০ জুনত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিনাতলী বৰনামঘৰৰ বাৰ্ষিক বৰসবাহ মহোৎসৱ আয়োজন কৰিছে। ৭৫০ ঘৰ গৃহস্থৰ অংশীদাৰ থকা দুশ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰৰ পানীতোলা বৰসবাহ মহোৎসৱৰ আয়োজন উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটিত । ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ বৰসবাহ অনুষ্ঠানভাগি উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চিনাতলীবাসী ৰাইজে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশ সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজ উপস্থিত হ’বলগীয়া এই বৰসবাহ মহোৎসৱৰ অতিথি আপ্যায়নৰ বাবে প্ৰায় ৪০ কুইন্টল চাউলৰ পিঠাগুৰি, ২৫ কুইন্টল গুৰেৰে দুই লক্ষাধিক পকা মিঠৈ প্ৰস্তুত কৰিব বুলি জনাইছে বৰসবাহ উদযাপন সমিতিৰ সভাপতি মৃদুল বৰা আৰু সম্পাদক মাধুৰ্য্য দত্তই। তদুপৰি প্ৰায় ২০ কুইণ্টলৰ মাহ প্ৰসাদ, ১৫ মোন ম’হৰ গাখীৰৰ দৈৰ লগতে প্ৰসাদ আৰু জলপানৰ সকলো উপকৰণ প্ৰস্তুত কৰাৰ কাম গাঁৱৰ ৰাইজে ইতিমধ্যে আৰম্ভ কৰিছে । ৭ জুনত পুৱা ধৰ্মীয় পতাকা আৰু ৬০টা বংশৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’ব বৰসবাহ মহোৎসৱৰ কাৰ্যসূচী ৷ ইয়াৰ পিছতেই বৃহত্তৰ চিনাতলী গাঁৱৰ প্ৰতিটো দিশতে তিনি দিন ধৰ্মীয় শোভাযাত্ৰাৰে পানীতোলা কাৰ্যসূচী ৰূপায়ণ কৰিব গাঁওবাসীয়ে৷ এইবাৰ বৰসবাহ মহোৎসৱৰ মূল আকৰ্ষণীয় অনুষ্ঠান হিচাপে ৮ জুনৰ দিনা বৰ্ণাঢ্য পানীতোলা কাৰ্যসূচীৰ ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটিত গাঁওখনৰ বংশ ভিত্তিত অংশীদাৰ ৰাইজৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । য’ত অংশগ্ৰহণ কৰা তেৰটাকৈ শ্ৰেষ্ঠ দলক বৰসবাহ  উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে পুৰস্কাৰ প্ৰদান কৰা হ’ব। বৰসবাহ মহোৎসৱৰ প্ৰথম দিনাৰে পৰা দেউৰীসকলে পকা মিঠৈ প্ৰস্তুত কৰিব ভক্তিপ্ৰাণ ৰাইজৰ বাবে । দুই লক্ষাধিক পকা মিঠৈ প্ৰস্তুত কৰিবলৈ সাজু হৈছে কেইবাশ দেউৰী ৷ উল্লেখযোগ্য যে  ৯ জুনত অনুষ্ঠিত হ’ব বৰসবাহৰ মূল কাৰ্যসূচী৷ পুৱা ঊষা কীৰ্তন, শৰাই অৰ্চনৰ পিছতে খোল প্ৰসংগ, নাম প্ৰসংগ, দিহানাম, হিয়ানাম, গায়ন-বায়ন পৰিৱেশন হ’ব বৰসবাহ মহোৎসৱৰ কাৰ্যসূচীত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশ সহস্ৰাধিক ভক্তিপ্ৰাণ লোকৰ উপস্থিতিৰ আশা কৰিছে বৰনামঘৰ সমাজ পৰিষদৰ লগতে বৰসবাহ উদযাপন সমিতিয়ে ৷ চিনাতলী অঞ্চলৰ ৬০টা বংশ আৰু প্ৰায় ৭৫০ ঘৰ অংশীদাৰ ৰাইজে অহৰ্নিশে এই বৰসবাহ অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । উল্লেখ্য যে বৰসবাহ মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত গাঁৱৰ যুৱকসকলৰ দ্বাৰা “গৰুড়ৰ অমৃত হৰণ, বিনতাৰ দাসত্ব মোচন” শীৰ্ষক মহাপুৰুষীয়া নাট মঞ্চস্থ কৰা হ’ব। ঐতিহাসিক চিনাতলী বৰনামঘৰৰ সমাজ পৰিষদৰ লগতে বৰসবাহ উদযাপন সমিতিয়ে অসমবাসী ভক্তিপ্ৰাণ ৰাইজক অসমৰ সৰ্ববৃহৎ এই বৰসবাহ মহোৎসৱলৈ আমন্ত্ৰণ জনাইছে ।
প্ৰেৰক নবীন গোহাঁই 
You might also like