নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন-বিদ্যালয় সপ্তাহ আৰম্ভ

🔹 প্ৰাচীৰ পত্ৰিকা ‘অংকুৰণ’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয় সপ্তাহ আজিৰে পৰা এক উদুলি-মুদুলি পৰিৱেশত আৰম্ভ হৈছে । আজি পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে অধ্যক্ষ ধীৰেন মহলীয়াই । পতাকা উত্তোলন কৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে শিক্ষানুষ্ঠানত বিদ্যালয় সপ্তাহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্তব্য কৰে অধ্যক্ষ মহলীয়াই। খেল-ধেমালি, নৃত্য -গীত, সাহিত্য-সংস্কৃতি -এইবোৰো শিক্ষাৰ এক অংগ বুলি উল্লেখ কৰি প্ৰতিযোগিতাবোৰত ভাগ ল’বৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহ-উদ্দীপনা যোগাই এক প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় । বিগত সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাকে ধৰি বিভিন্ন প্ৰতিযোগিতাত বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে দেখুৱাই অহা কৃতিত্বৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ এক গৰিমা আছে আৰু এই গৰিমা ছাত্ৰ-ছাত্ৰীসকলে সদায়ে অটুট ৰাখিব লাগিব । ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়ৰ স্বত্বাধিকাৰী পতি ৰাম বড়ো আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী জুনু কোচে । ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্নধৰ্মী লেখাৰে সমৃদ্ধ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘অংকুৰণ’ উন্মোচন কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাই । বিদ্যালয় সপ্তাহৰ আজি প্ৰথম দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা । ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আবৃত্তি, আকস্মিক বক্তৃতা, চিত্ৰাংকন, ভেশছন, কুইজ, গীত-মাত, নৃত্য আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like