নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানক কাৰণ দৰ্শোৱাৰ জাননী এপিচিচিৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ উপ-সভাপতি তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ দায়িত্বত থকা নৃপেন্দ্ৰ ঠাকুৰীয়াই দলটোৰ ধুবুৰী জিলাৰ সভাপতি আবেদুৰ ৰহমান (জুৱেল)ক এখন কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। বিশেষ চাৰিটা পইন্ট সম্বলিত সেই পত্ৰখনত দলীয় হাইকমাণ্ডে গঠন কৰি দিয়া বাছনি সমিতিৰ পৰামৰ্শ আৰু সন্মতি অবিহনে আবেদুৰ জামানে দলীয় মনোনয়ন অবৈধভাৱে বিতৰণ কৰা বুলি অভিযোগ কৰা হৈছে। জাননীখনত জিলা সভাপতি জামানে অবৈধভাৱে অনিৰ্বাচিত প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰি দলীয় নীতি-নিয়ম আৰু প্ৰট’কল ভৰিৰে গচকি মনোনয়ন প্ৰদান কৰা বুলিও স্পষ্ট ভাবে উল্লেখ আছে। আনকি, আজি পুৱা প্ৰায় ৮-৩০ বজাত এটা বিশেষ নম্বৰৰ মোবাইল নম্বৰৰ পৰা কৰ কথোপকথনৰ সময়ত সময়ত কংগ্ৰেছৰ ধুবুৰী জিলাৰ সভাপতিগৰাকীয়ে এপিচিচিৰ সভাপতি আৰু এআইচিচিৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কিছু তীব্ৰ আপত্তিজনক শব্দ উচ্চাৰণ কৰা বুলিও অভিযোগ কৰা হৈছে আছে কাৰণ দৰ্শোৱাৰ সেই জাননীখনত। তেওঁৰ কৰ্তৃত্বক সম্পূৰ্ণ অবমাননা কৰাৰ সমান্তৰালকৈ অতি কম সময়ৰ ভিতৰত ভয়ানক পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি আবেদুৰ জামানে সকীয়নি দিয়া বুলিও নিজৰ সেই পত্ৰখনত উল্লেখ কৰিছে এপিচিচিৰ উপ-সভাপতি ঠাকুৰীয়াই। অৱশ্যে ঠাকুৰীয়াৰ সেই কাৰণ দৰ্শোৱাৰ জাননিখনৰ (এই বাতৰি পঠিওৱালৈকে) কোনো ধৰণৰ উত্তৰ দিছে নে নাই জিলা কংগ্ৰছৰ সভাপতিগৰাকীয়ে সেয়া জানিব পৰা যোৱা নাই। ইয়াতে উল্লেখনীয় যে, ঠাকুৰীয়া এপিচিচিৰ অনুশাসনমূলক কাৰ্য্য সমিতি ( Disciplinary Action Committee)ৰ অধ্যক্ষৰ দায়িত্বতো আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like