নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা আৰম্ভ এপিএছচিৰ মূল পৰীক্ষা

🔹 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা পৰীক্ষার্থীলৈ

🔹 প্রথমবাৰৰ বাবে ইংৰাজীৰ উপৰি অসমীয়া ভাষাত থাকিব প্রতিটো প্রশ্ন

বিশেষ বাৰ্তা, ২৫ জুলাই : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মেইনছ কাইলৈৰ পৰা আৰম্ভ হ’ব৷ এপিএছচিৰ পৰীক্ষাক লৈ ইতিপূর্বে হৈ যোৱা নানান কেলেংকাৰি তথা আইনী প্রক্রিয়াই সমগ্র বিষয়টো চর্চাত ৰখাৰ পাছত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া মূল পৰীক্ষাক লৈ যথেষ্ট উৎসাহী অৱতীর্ণ হ’ব লগা পৰীক্ষার্থীসকল৷ লক্ষণীয়ভাৱে এপিএছচিৰ পৰীক্ষাক লৈ ৰাজ্য চৰকাৰে ইতিপূর্বে গ্রহণ কৰা ঐতিহাসিক সিদ্ধান্ত অনুসৰি প্রথমবাৰৰ বাবে ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব প্রতিটো প্রশ্ণ৷ ৰাজ্য চৰকাৰে প্রদান কৰা নির্দেশনা অনুসৰি এপিএছচিত এইবাৰ মেইনছ পৰীক্ষাৰ প্রশ্ণকাকতত ইংৰাজীৰ লগতে অসমীয়া ভাষাও অন্তর্ভুক্ত কৰিছে৷ ইফালে, কাইলৈ আৰম্ভ হ’ব লগা এপিএছচিৰ মেইনছ পৰীক্ষাৰ বাবে সমূহ পৰীক্ষার্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছ কাইলৈৰ পৰা আৰম্ভ হ’ব৷ ভাল লগা কথা যে আমাৰ চৰকাৰৰ নির্দেশনাৰ বাবে এই পৰীক্ষাত প্রথমবাৰৰ বাবে প্রতিটো প্রশ্ণ ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব৷ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমূহ পৰীক্ষার্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ উল্লেখ্য যে কাইলৈৰ পৰা আৰম্ভ হ’ব লগা মূল পৰীক্ষা ২৩৫টা পদৰ বাবে অনুষ্ঠিত হ’ব৷ ২৮১২গৰাকী পৰীক্ষার্থী এইবাৰ অৱতীর্ণ হ’ব মূল পৰীক্ষাত৷ ইয়াৰ বাবে গুৱাহাটীত স্থাপন কৰা হৈছে চাৰিটাকৈ পৰীক্ষা কেন্দ্র৷ এপিএছচিক কেন্দ্র কৰিয়েই বিগত সময়ছোৱাত চলা নানান খেলিমেলিৰ পিছত নিকা আৰু সুস্থভাৱে কেইবাটাও পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষাক লৈ উৎসাহ বৃদ্ধি পাইছে প্রার্থীসকলৰ৷

You might also like