নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰী খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক গ্ৰেপ্তাৰ

🔹 জোনাইত চৰকাৰী ধন আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ২১ ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক আজি অকস্মাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, ধেমাজি জিলাৰ জোনাই আৰক্ষীয়ে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াৰ সহযোগত আজি বিয়লি ৪ বজাত বইটামাৰী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত অতৰ্কিতে অভিযান চলাই খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক গ্ৰেপ্তাৰ কৰে । চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে । মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ জোনাই উন্নয়ন খণ্ড এলেকাত পূৰ্বে সংঘটিত হোৱা দুৰ্নীতিৰ বাবেই বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে। জোনাই থানাত ৰুজু হোৱা ১৫৯/২৩ নম্বৰৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে । বি এন এছৰ অধীনৰ ৪০৬/ ৪০৯/ ৪২০/৩৪ নম্বৰত ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে ।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like