নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থপ্রেমীৰ অভূতপূর্ব সঁহাৰিৰে অসম গ্রন্থমেলাৰ সামৰণি

🔴 বেষ্ট ছেলাৰৰ তালিকাত ডিক’ডিং জীৱন মাৰাডোনাৰ ঘড়ী–মৃত্যুৰ সাউদ আৰু অন্যান্য গল্প

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ সাহিত্য–সংস্কৃতিৰ বর্ণিল সমাহাৰ আৰু গ্রন্থপ্রেমীৰ অভূতপূর্ব উছাহৰ মাজেৰে নিজম পৰিল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্রন্থমেলা, গুৱাহাটী৷ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্রন্থমেলা আছিল বিগত কেইবাবছৰৰ তুলনাত প্রকৃতার্থত সফল গ্রন্থমেলা৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত গ্রন্থমেলাত এইবাৰ সর্বকালৰ অভিলেখ ভংগ কৰি প্রায় সাত কোটি টকাৰ কিতাপ বিক্রী হয়৷ গ্রন্থপ্রেমীৰ পাৰভঙা এই উছাহে এইবেলি পুনৰুজ্জীৱিত কৰি তুলিছে প্রকাশন গোষ্ঠীসমূহক৷ উল্লেখ্য যে প্রতিবাৰে চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় গ্রন্থমেলা৷ বিগত বছৰসমূহত গ্রন্থমেলাৰ শেষৰ দিনটোলৈ বিক্রীৰ হাৰ নিম্নগামী হোৱাৰ বাবে চিন্তিত হৈ পৰে প্রকাশন গোষ্ঠীসমূহ৷ কিন্তু এইবেলি গ্রন্থমেলাত ইয়াৰ বিপৰীত দৃশ্য প্রতিফলিত হ’ল৷ এইবাৰ গ্রন্থমেলাত মুঠ ১১৮খন বিপণীয়ে অংশগ্রহণ কৰিছিল৷ ইয়াৰ ভিতৰত ৮৪খন বিপণী অসমৰ হোৱাৰ লগতে আন ৩৪খন বহিঃৰাজ্যৰ পৰা অহা প্রকাশন গোষ্ঠী আছিল৷ প্রতিবাৰে গ্রন্থমেলাত বিক্রী সন্তোষজনক নোহোৱা বুলি মন্তব্য কৰি অহা প্রকাশন গোষ্ঠীয়েও এইবাৰ গ্রন্থমেলাত অংশ লৈ যথেষ্ট সন্তুষ্টি প্রকাশ কৰিছে৷ প্রায় সকলো প্রকাশন গোষ্ঠীয়ে সদৰী কৰা মতে এইবেলি লাভৰ পৰিমাণ অধিক নহ’লেও লোকচানো হোৱা নাই৷ পূর্বৰ তুলনাত অন্ততঃ এইবাৰ কিতাপ বিক্রী কৰি কিছু অংশ ৰ’ব৷ নতুন নতুন ৰচনা সম্ভাৰেৰে এইবাৰ গ্রন্থমেলাত বহুকেইজন ন–পুৰণি লেখকৰ গ্রন্থ প্রকাশ পাইছে৷ গ্রন্থপ্রেমী ৰাইজে বিভিন্ন গ্রন্থ ক্রয় কৰিছে যদিও মুষ্টিমেয়সংখ্যক গ্রন্থ বেষ্ট ছেলাৰ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত তথা সুলেখক ড০ পার্থসাৰথি মহন্তৰ ব্যতিক্রমী বিষয়ক লৈ ৰচিত ‘ডিক’ডিং জীৱন’ শীর্ষক কিতাপখনে ৰাইজৰ যথেষ্ট সমাদৰ লভিবলৈ সক্ষম হৈছে৷ সাধাৰণতে কমকৈ লিখা–মেলা কৰা কিছু ব্যতিক্রমী বিষয়ক লৈ সংকলিত গ্রন্থখন বিশেষকৈ যুৱপ্রজন্মৰ লগতে বিভিন্ন বয়সৰ লোকেও আদৰি লৈছে৷ উল্লেখ্য যে ড০ পার্থসাৰথি মহন্তৰ এইখনেই প্রথম অসমীয়া গদ্য সংকলন৷ ইয়াৰ পূর্বে কবিতাৰে ৰাইজৰ সমাদৰ লাভ কৰা বিশিষ্ট লেখকগৰাকীৰ গদ্য সংকলনখনৰ প্রতি গ্রন্থপ্রেমীয়ে দিয়া সঁহাৰিৰ পিছত যথেষ্ট উৎফুল্লিত হৈ পৰিছে ড০ মহন্ত৷ গ্রন্থখন আদৰি লোৱাটো বহু ডাঙৰ কথা বুলি মন্তব্য কৰি ড০ মহন্তই প্রতিগৰাকী পঢ়ুৱৈক কৃতার্থবোধ কৰি ধন্যবাদ জ্ঞাপন কৰিছে৷ তেওঁ কয়– যিবিলাক বিষয়ৰ ওপৰত মই লিখা–মেলা কৰোঁ, সেইবোৰ বিষয়ত সাধাৰণতে কমকৈ লিখা–মেলা হয়৷ মানুহৰ আৱেগ–অনুভূতিক জড়িত কৰা উক্ত বিষয়সমূহৰ ওপৰত পূর্বতেও ‘নিয়মীয়া বার্তা’ কাকতত প্রায়েই লিখা–মেলা কৰিছিলোঁ৷ লেখাটো ওলোৱাৰ দিনাখনেই পাঠক সমাজৰ পৰা ইমানেই সঁহাৰি পাওঁ যে মোৰ কষ্টখিনি যে ৰাইজে আদৰি লৈছে সেয়া গম পাওঁ৷ আমি মানৱ জাতিয়ে এতিয়াও নিজৰ আৱেগ–অনুভূতিক বুজিব খোজোঁ৷ আমাৰ চৌপাশে কি হৈ আছে জানিব বিচাৰোঁ৷ এই সৰু অথচ কোনেও বিশেষ বিচাৰ নকৰা বিষয়বোৰক লৈ লেখা ‘ডিক’ডিং জীৱন’ক ৰাইজে আদৰি লোৱাটো মোৰ কাৰণে ডাঙৰ কথা৷ গ্রন্থখনৰ জৰিয়তে একপ্রকাৰ জীৱনটোক মোৰ দৃষ্টিৰে ‘ডিক’ড’ অর্থাৎ অর্থ উদ্ধাৰৰ চেষ্টা কৰিছোঁ৷ উল্লেখ্য যে উক্ত সংকলনখনৰ বাদেও ড০ মহন্তৰ কাব্যপুথি তুহ জুইকো ৰাইজে যথেষ্ট আদৰি লৈছে৷ ইয়াৰ বাহিৰেও জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ ‘মাৰাডোনাৰ ঘড়ী’ আৰু প্রশাসনিক বিষয়া আৰণ্যক শইকীয়াৰ ‘মৃত্যুৰ সাউদ আৰু অন্যান্য গল্প’ শীর্ষক কিতাপ দুখনেও বেষ্ট ছেলাৰৰ তালিকা দখল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাদেও প্রমোদ কলিতাৰ উপন্যাস উৰি গ’ল ৰাজহংস, ড০ ধ্রুৱজ্যোতি বৰাৰ ৰ’দ জলমল পুৱাৰ পথাৰৰ লগতে আন কেইবাখনো গ্রন্থও ৰাইজে আঁকোৱালি লৈছে৷ এইবেলি গ্রন্থমেলাত আন এটা উল্লেখনীয় দিশ আছিল যে নতুন লেখকৰ গ্রন্থসমূহৰ লগতে পুৰণি লেখকৰ বিভিন্ন গ্রন্থয়ো পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছে৷ ইয়াৰ ভিতৰত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি, ড০ লক্ষ্মীনন্দন বৰাকে ধৰি কেইবাগৰাকীও প্রয়াত সাহিত্যিকৰ গ্রন্থৰাজিয়ে নৱপ্রজন্মকো আকর্ষিত কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ লৈ ইন্দিৰা গান্ধী ৰাষ্ট্রীয় কলা কেন্দ্রৰ সচিব আৰু কার্যবাহী তথা শৈক্ষিক মুৰব্বী ড০ সচ্চিদানন্দ যোশীয়ে অসম গ্রন্থমেলাত জনসমাগম প্রত্যক্ষ কৰি অভিভূত হৈ পৰে৷ গ্রন্থমেলাত কিতাপ বিক্রী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে গ্রন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়াৰ স্থান৷ বিভিন্ন ভাষাৰ কিতাপ গ্রন্থমেলাত পোৱা যায়৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্রীতিৰ সেতু নির্মাণ হয়৷ অসমীয়া ভাষাই বিগত ২০২৪ বর্ষত ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ৷ মাতৃভাষাই সকলোকে একত্রিত কৰি ৰাখে৷ ভাষণৰ মাজতে ড০ যোশীয়ে এটি কবিতাও পাঠ কৰে৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য তথা শিক্ষাবিদ ড০ ননীগোপাল মহন্তই কয় যে সুস্থ সমাজ এখন গঢ়াত গ্রন্থৰ ভূমিকা অপৰিসীম৷ অসম গ্রন্থমেলাই বৌদ্ধিক আন্দোলনৰ জৰিয়তে সুন্দৰ সমাজ এখন নির্মাণৰ প্রতিশ্রুতি বহন কৰিছে৷ এতিয়া অন্য এক জাতীয় অনুষ্ঠান হৈ পৰিছে অসম গ্রন্থমেলা৷ ভাৰতৰ পৰম্পৰা হৈছে জ্ঞানৰ পৰম্পৰা৷ ব্রিটিছে এসময়ত মেকলেই চাহাবক আনি আমাৰ দেশৰ জ্ঞান পৰম্পৰাৰ ভেটি ভাঙি দিছিল৷ কিন্তু নতুন শিক্ষা নীতিয়ে আমাৰ জ্ঞান পৰম্পৰাক পুনৰ প্রতিষ্ঠা কৰি বিজ্ঞানসন্মতভাৱে আগবঢ়াৰ পদক্ষেপ গ্রহণ কৰিছে৷ ভাষণৰ মাজতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, হেমচন্দ্র বৰুৱাৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটি সমৃদ্ধ কৰি তোলে শিক্ষাবিদ ড০ ননীগোপাল মহন্তই৷ সামৰণী সভাত সভাপতিৰ আসন গ্রহণ কৰি অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে গ্রন্থৰ প্রতি মানুহৰ আগ্রহ দেখি আনন্দ লাগিছে৷ অধ্যয়নৰ পৰিৱেশ এটা গঢ়ি উঠিব বুলি বিশ্বাস হৈছে৷ গ্রন্থমেলাৰ এয়াই শুভ পৰম্পৰা, আশাৰ বতৰা৷ সভাত আদৰণী ভাষণ প্রদান কৰি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২৫ বর্ষটোক কিতাপৰ বর্ষ হিচাপে ঘোষণা কৰিছে আৰু জিলাই জিলাই গ্রন্থমেলা অনুষ্ঠিত কৰাৰ পৰামর্শ দিছে৷ অসমবাসীৰ বাবে এয়া অতি আনন্দৰ বতৰা৷ মুখ্যমন্ত্রীৰ এই পৰিকল্পনাৰ বাস্তৱায়নে ৰাজ্যখনত অধ্যয়ন সংস্কৃতিক অধিক গতিশীল কৰাৰ লগতে বৌদ্ধিক পৰিৱেশকো শক্তিশালী কৰি তুলিব৷ গ্রন্থমেলাৰ সাফল্যৰ বাবে আনন্দ প্রকাশ কৰি সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ হৈ ধীৰাজ গোস্বামীয়ে ৰাইজৰ সঁহাৰিয়ে ভৱিষ্যতে অধিক গতিশীল কৰি তোলাত প্রকাশন গোষ্ঠীসমূহক সক্রিয় কৰি তুলিব বুলি মন্তব্য কৰে৷ সামৰণী অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী তন্ময় বৰাই শাস্ত্রীয় নৃত্যৰ আধাৰত এটি শিৱ বন্দনা পৰিৱেশন কৰে৷ ইয়াৰ পিছতে বিগত কেইদিনত গ্রন্থমেলাত অনুষ্ঠিত হৈ যোৱা চিত্রাংকন আৰু কবিতা আবৃত্তি প্রতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলক বঁটাসমূহো প্রদান কৰা হয়৷ বঁটা বিতৰণী সভাত অংশগ্রহণ কৰে জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড০ সমুদ্রগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ প্রাক্তন সভাপতি অজিত বর্মনে৷ ইয়াৰ পিছতে মূল মঞ্চত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷

You might also like