নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী ব্যৱস্থাৰ হুংকাৰৰ পাছতো গেছ চুৰিৰ তথ্য লাভ অসম গেছ কোম্পানীৰ

🔹 অধ্যক্ষ বলীন চেতিয়াৰ সকীয়নিকো কেৰেপ নকৰে একাংশ চাহ বাগিচাই

নিয়মীয়া বাৰ্তা, ২২ জুলাই : অসম চৰকাৰৰ সৰ্বাধিক ৰাজহ প্ৰদানকাৰী প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে পাইপযোগে যোগান ধৰা গেছ উজনি অসমৰ কেইবাখনো চাহ বাগিচাই চুৰি অৰ্থাৎ নীতিবহিৰ্ভূতভাৱে ব্যৱহাৰ কৰি আহিছে । উল্লেখযোগ্য যে ৬০ দশকৰ পৰাই গেছভিত্তিক ব্যৱসায় চলাই থকা অসম চৰকাৰৰ উদ্যোগ প্ৰতিষ্ঠানটোৱে কঁঠালগুৰি নীপকো, নামৰূপ সাৰ কাৰখানা, নামৰূপ তাপবিদ্যুৎ প্ৰকল্প, লাকুৱা তাপবিদ্যুৎ প্ৰকল্প, বি চি পি এল আৰু এ পি এলৰ দৰে বৃহৎ উদ্যোগ, ৫০ সহস্ৰাধিক ঘৰুৱা উপভোক্তা, পোন্ধৰ শতাধিক বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে উজনি অসমৰ পাঁচ শতাধিক চাহ বাগিচালৈ গেছ যোগান ধৰি আহিছে। বিগত সময়ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো চাহ বাগিচাই গেছ চুৰি দুষ্কাৰ্যত লিপ্ত থকাৰ তথ্য লাভ কৰাৰ পাছত শেহতীয়াকৈ তিনিচুকীয়া, ডিব্ৰুগড় আৰু যোৰহাট জিলাৰ অন্তৰ্গত কেইবাখনো চাহ বাগিচাই অদ্যাপি গেছ চুৰি কাৰ্যত লিপ্ত থকাৰ তথ্য উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পোহৰলৈ আনিছে। উল্লেখযোগ্য যে অসম গেছ কোম্পানী লিমিটেডৰ বিভাগীয় এক অনুসন্ধানত গেছ সৰবৰাহ কৰা পাইপ লাইনত একাংশই টেম্পাৰিং কৰি গেছ ব্যৱহাৰ কৰা, মিটাৰ বাইপাছ, লাইন বাইপাছ আদি দুষ্কাৰ্য সংঘটিত কৰি গেছ চুৰি কৰাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে অসম গেছ কোম্পানীত নতুনকৈ প্ৰৱৰ্তন কৰা SCADA (Supervisory Control and Data Acquisition) ব্যৱস্থাৰ জৰিয়তে ২৪ ঘণ্টাই গেছ সৰবৰাহৰ সঠিক তথ্য, নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰি অহা হৈছে। তদুপৰি এনেধৰণে চুৰিকৈ গেছ পাইপ লাইন বাইপাছ কৰা দুষ্কাৰ্যৰ ফলত গেছ পৰিবাহী পাইপ লাইন ফাটি বিধ্বংসী অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে প্ৰাকৃতিক সম্পদো ধ্বংস তথা সমগ্ৰ জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি কোম্পানীয়ে আশংকা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে কোম্পানীৰ আৰু উদ্যোগ প্ৰতিষ্ঠানৰ মাজত হোৱা চুক্তি অনুসৰি এনে চুৰি কাৰ্য্যত লিপ্ত থকা যিকোনো উদ্যোগ প্ৰতিষ্ঠানৰ তথ্য লাভ কৰিলে অসম গেছ কোম্পানীয়ে উক্ত কাৰখানালৈ গেছ যোগান বন্ধ কৰি দিয়া, লক্ষাধিক টকা জৰিমনাকে আদি কৰি কেতবোৰ বিহিত ব্যৱস্থা আছে, যাৰ জৰিয়তে দুষ্কাৰ্যত লিপ্ত থকা উদ্যোগ প্ৰতিষ্ঠানসমূহ উল্লেখিত সমস্যাসমূহৰ মুখামুখি হ’ব পাৰে বুলি এক বিবৃতিৰ মাধ্যমেৰে সকীয়াই দিছে কোম্পানীৰ কৰ্তৃপক্ষই। বৰ্তমানেও এনে কৰ্মত লিপ্ত থকা চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক এই দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ অসম গেছ কোম্পানীৰ কৰ্তৃপক্ষই আহ্বান জনায়। অন্যথা গেছ চুৰি কাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠানসমূহৰ ওপৰত শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম গেছ কোম্পানীয়ে। উল্লেখযোগ্য যে যোৱাটো বৰ্ষৰ ১৪ আগষ্টত এক চুৰি কাৰ্য সন্দৰ্ভত অসম গেছ কোম্পানীয়ে সম্বোধন কৰা এখন স‌ংবাদ মেলত কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়াই কোম্পানীৰ ধন আত্মসাৎ কৰা কাকোকে ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছিল। আনহাতে, সংবাদ মেলতে স্পষ্ট কৰি দিছিল যে অসম চৰকাৰৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰতিটো টকা পৰিশোধ কৰিব লাগিব অন্যায়ৰ আশ্ৰয় লোৱা চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষই, অন্যথা তেনে দুষ্কাৰ্যত লিপ্ত বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছিল। এইক্ষেত্ৰত এতিয়াও চুৰি কাণ্ড সংঘটিত কৰি অহাৰ খবৰ পোৱা গৈছে। কেতবোৰ এনে অনিয়মৰ ফলতে কোম্পানীয়ে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে। অসম গেছ কোম্পানীৰ কৰ্তৃপক্ষৰ এই সকীয়নিৰ পাছত অনিয়মত লিপ্ত বাগিচাসমূহৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like