নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ নিত্যানন্দ মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ত ছাত্ৰীক আক্ৰমণ

🔹 আৰক্ষীয়ে আটক কৰিলে আক্ৰমণকাৰী যুৱকক

নিয়মীয়া বাৰ্তা, ৩১ মে’ : বজালীৰ নিত্যানন্দত আজি দিন-দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী ছাত্ৰীক শিক্ষানুষ্ঠান চৌহদতে শাৰীৰিকভাৱে আক্ৰমণ কৰি আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় এজন যুৱক৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বজালীৰ নিত্যানন্দস্থিত মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে এজন যুৱকে৷ অভিযোগ অনুসৰি, শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীক অতৰ্কিতে আক্ৰমণ কৰে যুৱকজনে৷ ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ একাংশ ছাত্ৰই ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনক অধ্যক্ষৰ কোঠালৈ লৈ যায় আৰু তাত আবদ্ধ কৰি ৰাখি পাটাছাৰকুছি আৰক্ষীক খবৰ দিয়ে৷ পাটাছাৰকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰি থানালৈ লৈ আহে ৷ দীপ ডেকা নামৰ আটকাধীন যুৱকজনৰ ঘৰ বজালীৰ দৈশিঙৰী গাঁৱত বুলি জানিব পৰা গৈছে৷ ছাত্ৰীগৰাকীক যুৱকজনে এনেদৰে আক্ৰমণ কৰাৰ প্ৰকৃত কাৰণ অদ্যাপি জানিব পৰা হোৱা নাই৷

প্ৰেৰক কল্যাণ কলিতা

You might also like