নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪জনীয়া যুৱকৰ দলৰ আক্ৰমণ ব্যৱসায়ীক

বিশেষ বাৰ্তা, ১০ জুলাই : দেওবাৰে সন্ধিয়া নগাঁৱৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গুণ্ডামি চলায় ৪জনীয়া অচিনাক্ত যুৱকৰ দলে। ইটাচালিৰ শ্ৰী সাই ইলেকট্ৰনিকচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যুৱকৰ দলটোৱে। যুৱকৰ দলটোৱে ভাঙি চূৰমাৰ কৰে বহু টকাৰ সামগ্ৰী। তদুপৰি আক্ৰমণ কৰে ব্যৱসায়ী জগত শৰ্মাকো। জানিব পৰা মতে মোবাইল ক’ভাৰক লৈ এজন যুৱকৰ সৈতে সৃষ্টি হৈছিল তৰ্ক-বিতৰ্ক। খন্তেক পিছতে যুৱকজনৰ নেতৃত্বত অহা ৪জনীয়া দলে প্ৰতিষ্ঠানখনত উদ্ভণ্ডালি চলাই মাৰপিটত লিপ্ত হয় ।

প্ৰেৰক কনক হাজৰিকা

You might also like